নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অভিযানঃ গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পাছত বর্তমানে গৰুৰ চোৰাং বেহাবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে ধুবুৰী আৰক্ষীয়ে৷ যোৱানিশা ধুবুৰী আৰক্ষীয়ে নদীপথত দুটা  দুঃসাহসিক অভিযান চলাই মুঠ ১৮টা গৰু উদ্ধাৰ কৰিছে৷ আনহাতে, যোৱানিশাই ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ গৰুৰ চোৰাং সৰবৰাহবিৰোধী আন এক অভিযানত দুজনকৈ গৰু সৰবৰাহকাৰী কৰায়ত্ত হোৱাৰ বিপৰীতে উদ্ধাৰ হৈছে বাংলাদেশলৈ নিয়াৰ বাবে অনা ৪টাকৈ গৰু৷ বিগত ২৪ ঘণ্টাত এতিয়ালৈ ধুবুৰী আৰক্ষীয়ে মুঠ ২২টা গো–ধন উদ্ধাৰ কৰাৰ সমান্তৰালকৈ গৰুৰ চোৰাং বেহাৰ সৈতে জডিত দুজনকৈ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷

উল্লেখ্য যে নদীপথত ধুবুৰী সদৰ আৰক্ষী আৰু ধর্মশালা আৰক্ষীয়ে ইঞ্জিনচালিত নাও (ভুটভুটি)ৰে যোৱানিশা নদীপথত চলোৱা অভিযানত পলায়নৰত গো–সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত জানিব পৰা মতে, গৰুৰ চোৰাং সৰবৰাহকাৰী দল এটাই বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ পৰিকল্পনা ৰচাৰ এক গোপন তথ্যৰ ভিত্তিত যোৱানিশা ধুবুৰী আৰক্ষীৰ এটা দলে ইঞ্জিনচালিত নাৱেৰে ব্রহ্মপুত্রত অভিযান আৰম্ভ কৰিছিল৷ বর্তমানে ব্রহ্মপুত্রই লোৱা ভয়াৱহ ৰূপকো নেওচি আৰক্ষীৰ দলটোৱে পোৰাপুৰি নামৰ এক চৰাঞ্চলৰ সমীপৰ ব্রহ্মপুত্রত গৰু সৰবৰাহকাৰী দল এটাৰ ভুটভুটি এখন প্রত্যক্ষ কৰি সেইখন ৰখাবলৈ নির্দেশ দিয়ে৷ কিন্তু আৰক্ষীক দেখি দ্রুতগতিত নিজৰ ভুটভুটিখন চলাই সেই গো–সৰবৰাহকাৰীৰ দলটোৱে পলায়নৰ প্রচেষ্টা কৰে আৰু তেতিয়া অভিযানকাৰী আৰক্ষীৰ দলটোৱে গুলী চলায়৷

পিছে গৰুৰ চোৰাং সৰবৰাহকাৰী দলটোৱে কথমপি এটা নির্জন চৰাঞ্চলৰ পাৰত নিজৰ ভুটভুটিখন ৰখাই নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নদীত জজাপ দি পলায়ন কৰে৷ অৱশ্যে আৰক্ষীৰ দলটোৱে গো–ধন সৰবৰাহকাৰীৰ দলটোৱে ব্যৱহাৰ কৰা ভুটভুটিখন জব্দ কৰি ৬টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে যোৱানিশা ধুবুৰী চহৰৰ পার্শ্বৱর্তী ধর্মশালা আৰক্ষী চকীৰ এটা দলেও গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰূদ্ধে এটা সফল অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত যোৱানিশা ধর্মশালা আৰক্ষী চকীৰ এটা দলে অঞ্চলটোৰ ব্রহ্মপুত্র সংযোগী চান্দাৰ বিলত ভুটভুটিৰে এক অভিযান চলায়৷

অভিযান কালত গোপনে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ পৰিকল্পনা ৰচা গো–সৰবৰাহকাৰী দল এটাৰ দুখন ভুটভুটিসহ ১২টাকৈ গো–ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ আৰক্ষীৰ দলটোক দেখি পলায়ন কৰিবলৈ চেষ্টা চলোৱা গৰুৰ চোৰাং বেপাৰীৰ দলটোলৈ আৰক্ষীয়ে গুলীচালনা কৰে যদিও এন্ধাৰৰ সুযোগ লৈ গো–সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা দুখনকৈ ভুটভুটি এৰি পলায়ন কৰে সৰবৰাহকাৰীকেইজন্৷ নদীপথত চলা অভিযানত পলায়নৰত গৰু সৰবৰাহকাৰী দল দুটাক ৰখাবলৈ আৰক্ষীয়ে ৯টাকৈ ৰাবাৰ গুলী আৰু পিষ্টলেৰে ৩বাৰ গুলীচালনা কৰা বুলিও জানিব পৰা গৈছে৷ ইপিনে যোৱানিশা গৰুৰ চোৰাং বেহাবিৰোধী তৃতীয়টো অভিযানত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই দুই গো–সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে ৪টাকৈ গো–ধন উদ্ধাৰ কৰা বুলিও আৰক্ষী সূত্রে জানিব পৰা গৈছে৷

You might also like