চৰাইদেউত নিদ্ৰা হৰিছে গৰু চুৰি চক্ৰই
বিশেষ বাৰ্তা, ২৫ জুলাই : অসমত গৰু বেচা-কিনা বন্ধ হৈ থকাৰ সময়তে চৰাইদেউ জিলাৰ অসম-অৰুণাচল আৰু নগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন গাঁৱত এটা গৰু চোৰ চক্ৰই সঘনাই গৰু চুৰ কৰি বহিঃৰাজ্যলৈ চালান দি আহিছে। চৰাইদেউ জিলা প্ৰশাসনক আন্ধাৰত ৰাখি নিতৌ অৰুণাচল আৰু নগালেণ্ডৰ বিভিন্ন ঠাইলৈ গৰু চালান দি আহি স্থানীয় ৰাইজক অতিষ্ঠ কৰি তুলিছে। ৰাইজৰ অভিযোগ অনুসৰি সৰু গাড়ী ডি আই, এ চি আদিত নিশা নিশা তিনিটাৰ পৰা দহটা পর্যন্ত গৰু চালান কৰে এই গৰু চোৰৰ চক্ৰটোৱে। সীমান্তৱৰ্তী কানুবাৰী অঞ্চলৰ টাইৰাই গাঁৱৰ ৰবিধৰ গগৈৰ এটা, পুলিন চেতিয়াৰ দুটা, মথুৰাম গগৈ, ইন্দ্ৰেশ্বৰ গগৈ, কবি গগৈ, জগত বড়া, মৃদুল ফুকন, লোকেশ্বৰ গগৈ, গেঁঠু চেতিয়া, বুদ্ধেশ্বৰ গগৈৰ এটাকৈ, কানুগাঁৱৰ সুনন্দ গগৈৰ তিনিটা, নিৰঞ্জন হেমৰমৰ এটা, পুতু গগৈৰ এটাকৈ গৰু চুৰি হয়। এইদৰে টকলীমৰা, বাঁহবাৰী চতিয়নাগুৰি, ভোগবাৰী, বগাবাঘ, বাৰেগাঁও, বালিখেতিয়া, গৰিয়াছিগা, লুখুৰাখন, কানুৱাৰী চাহ বাগিচা, পাটৰবাৰী, লেকাম পথাৰ, বহলহাবি আদি কৰি বহু গাঁৱৰ কৃষকৰ গৰু চুৰি হোৱা বুলি জানিব পৰা গৈছে। মাজে-সময়ে সাপেখাতী আৰক্ষী থানাই গৰু চোৰৰ দল, গৰুসহ গাড়ী ধৰে যদিও গৰু চোৰৰ দল বাঢ়িয়েই আছে। পথৰ ওপৰত গৰু শুই থকা অৱস্থাত ধৰি বান্ধি আৰু কৃষকৰ গোহালিৰ পৰাও চুৰ কৰি তৎক্ষণাত গাড়ীত তুলি অৰুণাচল, নগালেণ্ডলৈ বিক্ৰী কৰি আহিছে চক্ৰটোৱে। কানুৱাৰী চাহ বাগিচা আৰু বগাবাঘ বাগিচাৰ লগতে সীমান্তৰ বিভিন্ন পথেৰে যোৱা এই গৰু চোৰৰ গাড়ীসমূহ পুৱতি নিশা যায় বুলি ৰাইজে প্ৰকাশ কৰিছে।
প্ৰেৰক দীপাংকৰ পাল