নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিকূল বতৰকো নেওচি ৰামদিয়াৰ “ভঠেলি মেলা”ত জনসমুদ্ৰ : ১৮খন সত্ৰৰ বিগ্ৰহ বেদীত স্থাপন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগত পৰম্পৰাগত ভাৱে উদযাপিত নামনি অসমৰ লোক উৎসৱ “ভঠেলি”ক কেন্দ্ৰ কৰি জন সমুদ্ৰত বুৰ গৈছে “তীৰ্থ নগৰী” হাজোৰ ঐতিহাসিক “ৰামদিয়া”। প্ৰতি ব’হাগৰ পহিলা সপ্তাহত বৈষ্ণৱ যুগৰে পৰা প্ৰায় চাৰিশ বছৰীয়া বৰ্ণিল পৰম্পৰাৰে পালন কৰি অহা সম্প্ৰীতি-সমন্বয়ৰ প্ৰতীক ভঠেলি উৎসৱ এইবেলিও “ৰামদিয়া পুথি ভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰ”ৰ পৰিচালনাত কালি সন্ধিয়াৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে। আজি দ্বিতীয় দিনা ২০ এপ্ৰিলত মূল ভঠেলি মেলাত প্ৰতিকূল বতৰকো নেওচি ইজাকৰ পিছত সিজাক বৰষুণ সত্বেও বৃহত্তৰ অঞ্চলটোৰ লানি নিছিগা জন সমূদ্ৰত উথপথপ হৈ পৰে। উল্লেখ্য যে,পৰম্পৰা অনুসৰি সত্ৰ সংস্কৃতিৰ ছোঁ ঘৰ স্বৰূপ ৰামদিয়াৰ মহাপুৰুষীয়া সত্ৰ, দামোদৰদেৱ পন্থীয় সত্ৰ, হৰিদেৱ পন্থীয় আৰু চৈতন্যদেৱ পন্থীয় সত্ৰৰ মুঠ ১৮ খন সত্ৰৰ বিগ্ৰহ পুৱাৰ ভাগত ভঠেলি থলীত একত্ৰিত কৰা হয়। তদুপলক্ষে আজি পূৱাৰে পৰা অঞ্চলটোৰ প্ৰতিটো পৰিয়ালে নিজৰ পদূলি মুখত মাটি পানীৰে মচা একোটিকৈ ঢাপ বা বেদী স্থাপন কৰি তাৰ কাষত আগলতি কলপাতৰ ওপৰত একোখনকৈ শৰাই আগবঢ়াই গোসাঁইলৈ অপেক্ষা কৰি থাকে।তেনেকৈয়ে গোসাঁইক সেৱা কৰি বছৰটোৰ অনাগত দিনৰ বাবে আশীৰ্বাদ ল’বলৈ ঘৰৰ জীয়ৰী-বোৱাৰীকে ধৰি সকলোৱে পদূলিমুখত অপেক্ষা কৰি থকাৰ সময়তে আজি পুৱা ১০ বজাত সত্ৰৰ বিগ্ৰহ সমূহ ভঠেলি মেলালৈ গায়ন-বায়ন, আয়তীৰ উৰুলি ধ্বনিৰে আদৰি অনা দৃশ্য আছিল সঁচাকৈয়ে মনোমোহা।ইয়াৰ পিছতে ধূলাৰ সত্ৰ, বগৰিবাৰী সত্ৰ, শিশুৰ সত্ৰ, ৰাম-লক্ষ্মণ সত্ৰ, বাসুদেৱ সত্ৰ, বিষ্ণুপুৰ সত্ৰ, নৰ নাৰায়ণ সত্ৰ, লেংটা- গোপীনাথ সত্ৰ, হাতভঙা সত্ৰ, মেঘ নাৰায়ণ সত্ৰ, বাসুদেৱ- বালি সত্ৰ, বংশী গোপাল সত্ৰকে ধৰি ১৮ খন সত্ৰৰ বিগ্ৰহ সমূহক ভঠেলি মেলাত পূৱা -পশ্চিমাকৈ শাৰী-শাৰী কৈ সজাই থোৱা বেদীৰ ওপৰত স্থাপন কৰে। বিগ্ৰহ সমূহ বেদীত স্থাপন কৰাৰ পিছতেই গোঁসাইৰ চৰণধূলি লবলৈ ভক্তপ্ৰাণ ৰাইজ- দর্শনাৰ্থীৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। ওৰে দিনটো তেনেকৈ অতিবাহিত হোৱাৰ পিছত সন্ধিয়া সময়ত সত্ৰৰ বিগ্ৰহ সমূহ পুনৰ ঢোল-খোল বজাই আয়তীৰ উৰুলিৰে নিজ নিজ সত্ৰলৈ নিয়ে। আনহাতে এইমেলাৰ সমান্তৰাল ভাৱে বৃহত্তৰ হাজো অঞ্চলৰ কৃষক ৰাইজে উৎপাদন কৰা কৃষিজাত সামগ্ৰী,ৰামদিয়া কমাৰটোলাৰ কমাৰ সকলে তৈয়াৰ কৰা দা-কাটাৰী,কোৰ, খন্তি, কুঠাৰ, কাঁচি আদি লোৰ সামগ্ৰী, ৰামদিয়া হীৰাপাৰাৰ বিভিন্ন মাটিৰ পাত্ৰ, দক্ষিণ কামৰূপৰ পৰা অহা ঝাড়ু আৰু নলবাৰীৰ পৰা অহা বাঁহ-বেতৰ সামগ্ৰীৰ এখন “বাণিজ্য মেলা” ও অনুষ্ঠিত হৈছে। নানাৰঙী বেলুন, পুতলা,পেঁপা,মিঠাই আৰু মনোহাৰী সামগ্ৰীৰ শাৰী-শাৰী কৈ স্থাপন কৰা দোকানেৰে ভঠেলি মেলা উপচি পৰিছে আৰু লাখ লাখ টকাৰ সা-সামগ্ৰী ক্ৰয়-বিক্ৰয় হৈছে। পৰম্পৰা আৰু সম্প্ৰীতি- সমন্বয়ৰ প্ৰতীক ৰামদিয়াৰ ঐতিহাসিক “ভঠেলি” বিভিন্ন জাতি-ধৰ্ম-জন গোষ্ঠীৰ প্ৰেম-ভাতৃত্ববোধৰ উৎসৱ, ধৰ্ম আৰু কৰ্মৰ উৎসৱ। এই ভঠেলি মেলালৈ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ জনতা -দর্শনাৰ্থীৰ পদ ধূলিৰে ধন্য হয় বুলিও ৰামদিয়াৰ ধৰ্মপ্ৰাণ ৰাইজে বিশ্বাস কৰে। কাইলৈ অন্তিম দিনা ভঠেলি মেলাত আৰু অধিক জন সমাগম হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like