লখিমপুৰত চি আৰ পি এফৰ উদ্যোগত স্বাস্থ্য সেৱা শিবিৰ
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী – চি আৰ পি এফৰ ৩০ বেটেলিয়নৰ উদ্যোগত সামাজিক কাৰ্য্য ক্ৰমৰ অংশ হিচাপে কালি লখিমপুৰ নগৰৰ সমীপৰ আঠাকটীয়াত দিন জোৰা কাৰ্যসূচীৰে এটা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হৈ যায়। উৎকৃষ্টতা আমাৰ সংকল্প শীর্ষ ক বাণীৰে আয়োজন কৰা শিবিৰ টো উদ্বোধন কৰে ৩০ চি আৰ পি এফ বেটেলিয়নৰ কমাণ্ডেন্ট অৰুণ কুমাৰ মীনা ই। শিবিৰটোত আঠাকটীয়াকে ধৰি সমীপৱৰ্তী গাও সমুহৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা, চিকিৎসা ব্যবস্থা আদি কৰা হয়। উল্লেখ্য শোণিতপুৰ ৰ ছয়দুৱাৰত মূখ্য কাৰ্যালয় থকা ৩০ চি আৰ পি এফ বেটেলিয়নে শোণিতপুৰ, লখিমপুৰ, ধেমাজি , বিশ্ব নাথ আদি জিলাত আইন শৃংখলা জনিত কামত নিয়োজিত হৈ থকা ৰ সমানে গ্ৰাম্য এলেকাৰ সমাজ জীৱন, স্বাস্থ্য সমন্ধীয় ব্যবস্থা সন্দৰ্ভত ব্যবস্থা গ্রহণ কৰি আহিছে। কালিৰ শিবিৰটোত জিলা ৰ উপায়ুক্ত সুমিত সাত্তাৱান, চি আৰ পি এফৰ কমল সিং নেগী,ৰাজেন্দ্ৰ সিং, বালুৰাম বৰা, বিই কুন্ঠা দোলে, আদি বিভিন্ন বিষয়া বৰ্গ, ডাক্টৰ সকলে অংশগ্রহণ কৰে। জিলা ৰ উপায়ুক্ত ই চি আৰ পি এফৰ এই সেৱাৰ বাবে বাহিনী টোক প্ৰশংসা কৰে। চি আৰ পি এফৰ কমাণ্ডেন্ট অৰুণ কুমাৰ মীনা ই শিবিৰটো উদ্বোধন কৰি চি আৰ পি এফৰ তৰফৰ পৰা বাছ আস্হান,যাত্রী জিৰণি চৰা, পুথিভঁৰাল নিৰ্মাণ, বিভিন্ন বিদ্যা লয়ৰ শৌচালয় নিৰ্মাণ, স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰা আদি জনহিতকৰ কাম কাজ সমুহক আলোকপাত কৰি ভাষণ দিয়াৰ উপৰি নৱ প্ৰজন্মক সামৰিক, অৰ্ধ সামৰিক, আৰক্ষী আদি বাহিনীত যোগ দিয়াৰ বাবে উদগনি দিয়ে।