শাকাতি গাঁৱত প্ৰবল উচ্ছাসেৰে বিষুৱাৰ সাংস্কৃতিক অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী শাকাতি উজানপাৰাত দুই দিনীয়াকৈ অনুষ্ঠিত বিষুৱাৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰৱল উচ্ছাস-উদ্দীপনাৰে যোৱা শেস নিশা সামৰণি পৰে । সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা,(আক্ৰাছু) ৰ কেন্দ্ৰীয় নেতা ব্ৰজেন ৰায়ে উৰুলিৰ ধ্বনিত ফিটা কাটি মঞ মুকলি কৰে যোৱা কালি সন্ধিয়া । প্ৰয়াত বিশিষ্ট সমাজকৰ্মী তথা নিজ পুত্ৰ-কন্যাক সু-শিক্ষাৰে শিক্ষিত কৰি গঢ়ি তুলি সফল পিতৃ হিচাপে খ্যাতি অৰ্জন কৰা সমেশ্বৰ ৰায় সোঁৱৰণী মঞ্চত গীতেৰে শুভাৰম্ভ কৰে তেওঁৰে দ্বিতীয় পুত্ৰ দ্বীপজ্যোতি ৰায়ে । ‘সোণাৰ বৰণ পাখি ৰে’ গীতটি পৰিবেশন কৰি শ্ৰোতা-দৰ্শকক আপ্লুত কৰে । ইয়াৰ অন্তত একাদিক্ৰমে স্থানীয় জনপ্ৰিয় ৰাজবংশী কণ্ঠশিল্পী কমল ৰায়, ডিজেল্ড কোচ আৰু গুৱাহাটীস্থিত আমন্ত্ৰিত কণ্ঠশিল্পী নীলম নয়না আদিয়ে গীত পৰিৱেশন কৰি দৰ্শক-ৰাইজক মুহিত কৰে । উল্লেখয্যোগ্য যে প্ৰতিটো বিহু-বিষুৱাৰ সাংস্কৃতিক অনুষ্ঠানত এইবাৰ প্ৰবল বতাহ-ধুমুহাৰ বিপৰীতে ফিৰফিৰিয়া বতাহৰ ঠাণ্ডা ঠাণ্ডা বতৰত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন হোৱাত শাকাতি উজান পাৰা বিষুৱা কমিটিৰ সভাপতি (গড়েয়া) ৰমেন ৰায়, সম্পাদক (মাড়েয়া) নৰিন চন্দ্ৰ ৰায়ৰ লগতে সাংস্কৃতিক অনুষ্ঠানটি পৰিচালনা কৰা দীবাকৰ ৰায়, সাংস্কৃতিক সম্পাদক তথা প্ৰতিভাবান কণ্ঠশিল্পী ৰোমাকান্ত ৰায় আদিয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰা সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।
প্ৰেৰক ভৃগু মুনি ৰায়