নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ টুমনীত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ, আপত্তিজনক নথিপত্ৰ জব্দ

নিয়মীয়া বার্তা, ৭ মাৰ্চ :- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা  জিলা আৰক্ষীয়ে যোৱা এসপ্তাহত পাঁচ জনকৈ ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰাল কৈ বৃহস্পতিবাৰ পুনৰ আন এগৰাকী ছাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লৈ সক্ষম হয়।
<span;> টিএলচি ২.০ৰ ওপৰত ক্ৰিপ্টো কেলেংকাৰী গোচৰৰ সৈতে জড়িত দক্ষিণ শালমাৰা- মানকাচৰ  নং ৩১/২৫ গোচৰৰ ভিত্তিত টিএলচি ২.০ ৰ সৈতে জড়িত  থকা ক্ৰিপ্টোকাৰেন্সী কেলেংকাৰীত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা আৰক্ষী থানাৰ নেতৃত্বত এ এছ পিৰ মুখ্য কাৰ্যালয়ৰ তত্বাৱধানত থকা এটা দলে টুমনী, শিমলাকান্দি মহবুৰ ৰহমান আহমেদ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
<span;> তদন্তৰ সময়ত দেখা গ’ল যে অভিযুক্ত ক্ৰিপ্টো কেলেংকাৰীৰ সক্ৰিয় অংশগ্ৰহণকাৰী আৰু সোমবাৰে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত নুৰ আলম আহমেদ আৰু আখিৰুজ্জামান আহমেদৰ ডাউনলাইন আৰু ইব্ৰাহিম আলীৰ আপলাইন।  তেওঁৰ ভূমিকা আছিল আৰ্থিক লেনদেন আৰু প্ৰৱঞ্চনামূলক ক্ৰিপ্টোকাৰেন্সী নেটৱৰ্কত নিযুক্তি। তালাচীৰ সময়ত অভিযুক্ত গৰাকীৰ পৰা এটা ৰিয়েলম হেণ্ডছেট, এটা এইচ পি লেপটপ, দহখন এ টি এম কাৰ্ড,দুখন বেংকৰ পাছবুক, পাঁচখন চেক বুক ,দুটা এটিএম চুইপ মেচিন ,নগদ ধন জব্দ কৰে।
<span;> চাইবাৰ জালিয়াতি নেটৱৰ্কত অধিক লিংক চিনাক্তকৰণৰ বাবে অধিক তদন্ত অব্যাহত আছে। 

You might also like