নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : গ্ৰামাঞ্চলৰ এচাম অশিক্ষিত সহজ সৰল লোকৰ পৰা চাইবাৰ অপৰাধীয়ে আধাৰ কাৰ্ড, পান কাৰ্ড সংগ্ৰহ কৰি লাখ লাখ টকা বিভিন্ন বেংক আৰু কোম্পানীৰ পৰা লোন লোৱাৰ ঘটনা সংঘটিত হোৱাটো সুলভ হৈ পৰিছে। সহজ সৰল লোকক ঠগি বিভিন্ন কোম্পানী আৰু বেংকৰ পৰা লাখ লাখ টকা ঋণ লৈ চাইবাৰ অপৰাধীয়ে বিলাসী জীৱন যাপন কৰা পৰিলক্ষিত হৈছে। তেনে এক ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱত। ঔতলাবড়ী গাঁৱৰ অংগনবাড়ী কৰ্মী তৰজিয়া খাতুন সহ তেওঁৰ স্বামী ৰফিকুল ইছলাম, দেওৰেক ছফিকুল ইছলাম, পুত্ৰ তাৰিফ আজিজ আৰু ছফিকুলৰ পত্নী ৰুৱিয়া খাতুনে গাঁওখনৰ সহজ সৰল লোকক পান কাৰ্ড – আধাৰ কাৰ্ড সংযোগ, আধাৰ কাৰ্ড – জৱ কাৰ্ড সংযোগ আৰু অংগনবাড়ীৰ শিশুৰ কামত ব্যৱহাৰ বাবে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংগ্ৰহ কৰিছিল। তাৰ পিছত তৰজিয়া এণ্ড চাইবাৰ টিমটোৱে ৬২ জন লোকৰ নামত ১০ হাজাৰৰ পৰা ১লাখ টকালৈকে বিভিন্ন কোম্পানী আৰু বেংকৰ পৰা লোণ লয়। এই তথ্য পোহৰলৈ অহাত এই সহজ সৰল লোক সকলৰ মাজত হাহাকাৰ লাগে। উপায়হীন হৈ ন্যায় বিচাৰি এই লোক সকলে এই ৫জন চাইবাৰ অপৰাধীৰ বিৰুদ্ধে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক পৃথকে পৃথকে অভিযোগ দাখিল কৰে। আজি এই সহজ সৰল লোক সকল ৰাজপথত ওলাই আহি চাইবাৰ অপৰাধীৰ শাস্হিৰ দাবীত আৰু ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে তৰজিয়া খাতুন ৪৬৭ নং মিনাবাজাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী। কৰ্ম গৰাকীয়ে ইমানতে ক্ষান্ত নাথাকি বিভাগীয় ভাৱে অনুমতি নোলোৱাকৈ নিজ খেয়াল খূচি মতে অংগনবাড়ী কেন্দ্ৰৰ পকীগৃহ ভাঙি কেন্দ্ৰটোৰ ভূমি পৰ্যন্ত বিক্ৰী কৰি দিয়ে। এতিয়া প্ৰশ্ন হয় এই সহজ সৰল লোক সকলে ন্যায় পাবনে? নে আইনৰ সুৰুঙাৰে হাৰি যাব চাইবাৰ অপৰাধী।
প্ৰেৰক আবুল কালাম