নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত ৰন্ধন গেছ বটলিং প্লাণ্টৰ পৰিবহণ ধর্মঘট

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ এক নৱেম্বৰৰ পৰা উত্তৰ গুৱাহাটী এল পি জি ড্রেন্সপ’টার্ছ এছ’চিয়েচনে তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত উত্তৰ গুৱাহাটী এল পি জি বটলিং প্লাণ্টত আৰম্ভ কৰা ধর্মঘটৰ কার্যসূচী মঙলবাৰে দ্বিতীয় দিনাও অব্যাহত ৰাখিছে৷ গেছ প্রকল্প কর্তৃপক্ষই থলুৱা পৰিবহণকাৰীসকল বিভিন্ন অজুহাত দেখুৱাই কামৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ তুলিছে ট্ৰেন্স’টার্ছ এছ’চিয়েচনৰ বিষয়ববীয়াসকলে৷ মঙলবাৰে আবেলি কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাৰ লগত এছ’চিয়েচনৰ বিষয়ববীয়া জয়ন্ত নাথৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে আলোচনাত বহি গাডীৰ কাগজ–পত্র সম্পর্কীয় সকলো বিষয় সৌহার্দ্যপূর্ণভাৱে মীমাংসা কৰে৷ কিন্তু তাৰ পিছতে উত্তৰ গুৱাহাটী এল পি জি ট্ৰেন্স’টার্ছ এছ’চিয়েচন আৰু গেছ প্রকল্পৰ কর্তৃপক্ষৰ মাজত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক আছিক আহমেদৰ মধ্যস্থতাত এলানি আলোচনা হয় যদিও এই আলোচনা ব্যর্থ হয়৷ বিষেশকৈ চি এল এলৰ বিষয়টো গেছ প্রকল্প কর্তৃপক্ষই কোনোপধ্যে মানি ল’বলৈ ৰাজি নোহোৱাত এছ’চিয়েচনৰ বিষয়ববীয়াসকল নাৰাজ হৈ আলোচনা মীমাংসা নোহোৱাকৈ শেষ কৰি গুচি আহে৷ এছ’চিয়েচনৰ বিষয়ববীয়াসকলে জনোৱা মতে গেছ কর্তৃপক্ষই তেওঁলোকৰ দাবী মানি নোলোৱা পর্যন্ত ধর্মঘটৰ কার্যসূচী চলিয়েই থাকিব৷ কিন্তু এনেকৈ যদি অধিক দিনলৈ ধর্মঘট চলি থাকিবলগীয়া হয়, তেনেহ’লে ৰাজ্যত ৰন্ধন গেছৰ তীব্র নাটনিয়ে দেখা দিব৷

You might also like