নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ধঁপাতমুক্ত বিদ্যালয় ঘোষণা

বিশেষ বাৰ্তা, ৩১ মেঃ নগাঁৱৰ নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ক প্ৰথমখন ধপাঁতমুক্ত বিদ্যালয় হিচাপে ঘোষণা কৰা হয় ৷ নগাঁও জিলা প্ৰশাসনে আজি আনুষ্ঠানিক ভাবে এই শিক্ষানুষ্ঠানখনক ধঁপাত মুক্ত বিদ্যালয় বুলি ঘোষনা কৰে৷ নগাঁও ধঁপাত নিয়ন্ত্ৰন কোষৰ ৰঞ্জন কুমাৰ গোস্বামী, যুটীয়া স্বাস্হ্য সঞ্চালক ড° অতুল পাটৰ, বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নাথে বিদ্যালয় খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যক আনুষ্ঠানিক ভাবে ধঁপাত মুক্ত বিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰে ৷ ১৯১৬ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে বিদ্যালয়খনে ধঁপাত মুক্ত বিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে ৷ আজিৰে পৰা বিদ্যালয় খনত অধ্যয়নৰত ১৫০০ ছাত্ৰ-ছাত্ৰী সকলো ধৰণৰ ধঁপাতৰ পৰা মুক্ত ৷ অধ্যক্ষকে ধৰি ৪৭ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী কোনেও ধঁপাতৰ দ্বাৰা আসক্ত নহয় বুলিও প্ৰতিশ্ৰুতিবব্ধ ৷ একেদৰে বিদ্যালয়ত কৰ্মৰত ৫ গৰাকী কৰ্মচাৰীয়েও ধঁপাত সেৱন নকৰে ৷ বিদ্যালয় খনৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কোনো ধৰণৰ ধঁপাতযুক্ত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আজি ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ ধঁপাতবিৰোধী এক সজাগতমূলক শোভাযাত্ৰও নগাঁও চহৰত বাহিৰ কৰা হয় ৷

প্ৰেৰক কনক হাজৰিকা

You might also like