নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডায়েৰী : আমি অতীতলৈও চাব লাগে

ড০ গীতালি শইকীয়া

ভৰিৰ বিষে কিছুদিনৰ আগতে প্রায় কোঙা কৰিছিল৷ সমুখত আছিল কেইবাটাও গুৰুত্বপূর্ণ কাম, ক্ষেত্র অধ্যয়ন৷ নিজৰ অসহায় অৱস্থাই মোক কন্দুৱাইছিল৷ চিকিৎসকে জিৰণি লোৱাৰ পৰামর্শ দিছিল আৰু দীঘলীয়া জিৰণিৰ বাবে মোৰ সময় নাছিল৷ মই হতাশ হৈছিলোঁ, কিন্তু যেতিয়াই হতাশাই মোৰ মনক আৱৰি ধৰে, তেতিয়াই মই আশ্রয় লওঁ কোনো এজন এনে ব্যক্তিৰ জীৱন কাহিনীক– যি কাহিনীয়ে মোক উজ্জীৱিত কৰে৷ হতাশাক ৰঙাচকু দেখুৱাই নিজৰ পথত গৈ থকাৰ শক্তি দিয়ে৷ এইবাৰ মই আশ্রয় ল’লোঁ এগৰাকী অসাধাৰণ ক্রীড়াবিদৰ অবিশ্বাস্য কাহিনীৰ৷

এটা দৰিদ্র পৰিয়ালত জন্ম হৈছিল ছোৱালীজনী৷ সময়ৰ পূর্বে জন্ম হোৱাৰ বাবে তাইৰ ওজন শংকাজনকভাৱে কম আছিল৷ দাৰিদ্র্য, হতাশাই আৱৰি ৰখা পৰিয়ালটোৱে উচ্চ পর্যায়ৰ চিকিৎসাৰো কোনো ব্যৱস্থা কৰিব পৰা নাছিল৷ ছোৱালীজনীৰ নাম ৰখা হৈছিল ৱিলমা৷ ৱিলমাৰ পাঁচ বছৰলৈকে সঘনাই অসুখ হৈ আছিল৷ মাকে ঘৰতে ৱিলমাৰ পৰিচর্যা কৰিছিল৷ কিন্তু তাইৰ পাঁচ বছৰ বয়সত বাঁও ভৰিখন অস্বাভাৱিকভাৱে ভিতৰৰ ফালে বেঁকা হৈ গৈছিল৷ এইবাৰ কিন্তু চিকিৎসকৰ কাষ চপাৰ বাহিৰে মাকৰ আন উপায় নাছিল৷ চিকিৎসকে সকলো পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত ঘোষণা কৰিলে সেই ভয়াৱহ কথা– ৱিলমা পলিঅ’ ৰোগত আক্রান্ত আৰু তাই জীৱনত কোনোদিনে খোজ কাঢ়িব নোৱাৰিব৷ কিন্তু ৱিলমাৰ মাক সহজে হাৰ মনা বিধৰ মানুহ নাছিল৷ মনৰ সকলো সংশয় লুকুৱাই ৰাখি তেওঁ দৃঢ় হৈছিল আৰু ৱিলমাক কৈছিল যে চিকিৎসকৰ ঘোষণাই তাইৰ জীৱনৰ গতি নিৰূপণ কৰিব নোৱাৰে৷ ৱিলমাই মাকৰ কথা বিশ্বাস কৰিছিল আৰু পৰিস্থিতিৰে যুঁজিবলৈ সেই বিশ্বাসে তেওঁক দিছিল প্রবল সাহস৷ ৱিলমাই লাহে লাহে পলি’ৰ পৰা সুস্থ হৈ উঠিল যদিও বাঁও ভৰিৰ শক্তি হেৰুৱাই পেলালে৷ শৈশৱৰ বেছিভাগ সময় ৰোগৰ লগতে যুঁজি থকা ৱিলমাই ১২ বছৰ বয়সলৈকে ভৰিত ব্রেচ পিন্ধিব লগা হৈছিল৷ সেয়া আছিল ১৯৪০ চনৰ কথা৷ তেওঁলোকে বাস কৰা ক্লার্কছ ভিলত আফ্রিকান আমেৰিকান বাসিন্দাসকলৰ বাবে পর্যাপ্ত চিকিৎসাৰ ব্যৱস্থা নাছিল৷ ৱিলমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইক ঘৰৰ পৰা প্রায় ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কৃষ্ণাংগ মেহাৰি মেডিকেল কলেজত চিকিৎসা কৰাব খুজিছিল৷ এখন যেন যুদ্ধত নামি পৰিছিল ৱিলমা আৰু তেওঁৰ মাতৃ– যিখন যুঁজত তেওঁ জিকিবই লাগিব৷ ৱিলমা আৰু তেওঁৰ মাকে দুবছৰ ধৰি চিকিৎসাৰ বাবে সাপ্তাহিকভাৱে বাছেৰে অহা–যোৱা কৰিছিল৷ তদুপৰি ঘৰৰ আন সদস্যসকলেও ৱিলমাৰ ভৰি মালিচ কৰি লাহে লাহে পলি’ৰ দুর্বলতা সৃষ্টিকাৰী প্রভাৱৰ পৰা তেওঁক মুক্ত কৰিবলৈ সক্ষম হৈছিল৷ ১২ বছৰ বয়সত এদিন ভৰিৰ ব্রেচ খুলি ৱিলমাই খোজকঢ়াৰ চেষ্টা কৰিছিল আৰু মনৰ প্রবল জোৰতে তেওঁ ব্রেচ নোহোৱাকৈ খোজ কাঢ়িবলৈ সক্ষম হৈছিল৷ প্রাথমিক বিদ্যালয়ত ৱিলমাই বাস্কেট বলত পাৰদর্শিতা দেখুৱাইছিল৷ অধ্যয়নৰ ক্ষেত্রতো তেওঁ যথেষ্ট পৰিশ্রম কৰি সফলতা অর্জন কৰিছিল৷ হাইস্কুলত বাস্কেট বল খেলোতে ৱিলমা যে এগৰাকী অতি প্রতিভাৱান খেলুৱৈ সেই কথা সকলোৱে স্বীকাৰ কৰিছিল৷ বিভিন্ন উত্থান–পতনৰ মাজেৰে ১৯৫৬ চনত ১৬ বছৰ বয়সত আমেৰিকাত অনুষ্ঠিত অলিম্পিকত খেলিবলৈ সুযোগ পাইছিল ৱিলমাই৷ ৱিলমা আছিল আমেৰিকাৰ অলিম্পিক দলৰ আটাইতকৈ কনিষ্ঠ সদস্য৷ কিন্তু ৱিলমাই দৌৰতহে অংশগ্রহণ কৰিছিল৷ ২০০ মিটাৰ ব্যক্তিগত ইভেণ্টত ৱিলমাই অৱশ্যে পৰাজিত হৈছিল৷ কিন্তু দলীয়ভাৱে খেলি ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ব্রঞ্জৰ পদক লাভ কৰি ৱিলমা অসুখী হোৱা নাছিল বৰঞ্চ তেওঁ সংকল্প লৈছিল ১৯৬০ চনত হ’ব লগা ইটালীৰ অলিম্পিকত তেওঁ এটা সোণৰ পদক অর্জন কৰিবই৷ কঠোৰ সংগ্রাম অব্যাহত ৰাখিছিল ৱিলমাই৷ ১৯৬৯ চনৰ গ্রীষ্ম অলিম্পিকত ৱিলমাই সমগ্র বিশ্বক মোহাচ্ছন্ন কৰি বিশ্বৰ আটাইতকৈ দ্রততম মানৱী হিচাপে নিজকে প্রতিষ্ঠা কৰিলে৷ সেইবাৰৰ অলিম্পিকত তেওঁ আছিল আটাইতকৈ জনপ্রিয় খেলুৱৈ৷ বিভিন্ন দেশৰ লোকসকলে এই দ্রুততম কিশোৰীজনীক বিভিন্ন নাম দিছিল৷ ফ্রান্সৰ লোকসকলে তেওঁৰ নাম দিছিল কলা মুকুতা বুলি৷ আনকি সংবাদ মাধ্যমে তেওঁক ৰাণী বুলিও প্রশংসাৰে ওপচাই পেলাইছিল৷ অলিম্পকত লাভ কৰা সফলতাই শৈশৱৰ সকলো দুখক প্রত্যাহ্বান জনাই উজলি উঠা ছোৱালীজনীক এটা যেন নক্ষত্রত পৰিণত কৰিছিল৷ দেশে–বিদেশে ৱিলমা এটা পৰিচিত নাম হৈ পৰিল৷ ৱিলমাৰ জীৱনৰ আন বহু ভাল লগা কাহিনী আছে, যিবোৰ খেল জগতৰ খবৰ ৰখা প্রায়বোৰ মানুহে জানে৷ মই কেৱল তেওঁৰ প্রত্যাহ্বানক অতিক্রমি জীৱনৰ জয় গান গাবলৈ সক্ষম হোৱা দিশটোৰ কথাহে ক’ব খুজিছো৷ বহু সময়ত আমি অনুভৱ কৰোঁ যে জীৱনৰ সকলো আশা হেৰাই গৈছে৷ জীয়াই থাকিবলৈ আমাৰ কোনো অৱলম্বন নাই৷ কিন্তু আমি নিজানত গভীৰভাৱে যদি নিজৰ মনক প্রশ্ন কৰোঁ তেনেহ’লে দেখিম যে জীয়াই থকাৰ বহু কাৰণ আমাৰ চৌপাশে আছে৷ ৱিলমাৰ দৰে এই পৃথিৱীৰ বক্ষত আন বহু লোক আছে, যিসকলে জীৱনৰ অতি অন্ধকাৰ মুহূর্ততো বাট চায় এদিন পোহৰ হ’ব বুলি৷ সেই পোহৰ হ’ব পাৰে মনৰ দৃঢ়তা অথবা কাৰোবাৰ অকণমান প্রশংসা, মানসিক সমর্থন অথবা প্রেম৷ কেইবাদিনো শাৰীৰিক অসুস্থতাৰ পিছত ৱিলমাৰ অদমনীয় শক্তি কাহিনীয়ে মোকো যেন প্রাত্যহিক জীৱনলৈ উভতি অহাৰ শক্তি দিলে৷ বহুতে ক’ব পাৰে যে অতীতৰ বুকুত বিচৰণ কৰি থাকিলে আমি আগলৈ যোৱাৰ শক্তি হেৰুৱাই পেলাব পাৰো৷ কিন্তু বিশ্ব ইতিহাসৰ পাতত নিজৰ নাম লিখি থৈ যোৱা এই মহান ব্যক্তিসকলৰ কাহিনী নপঢ়িলে আমি চোন আগুৱাই যোৱাৰ কোনো পথেই দেখা নাপাওঁ৷

ফোন : ৯৩৬৫৪–৮৫৪২২

You might also like