নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনৰ পিছতো মুকলি নহ’ল উত্তৰ শালমাৰাৰ দুগ্ধ সংসাধন আৰু পেকেজিং উদ্যোগ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ  নামনি অসমৰ বঙাইগাঁও জিলাৰ লগতে ধুবুৰী, গোৱালপাৰা জিলাৰ গো-পালকসকলৰ সহায় হোৱাকৈ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত স্থাপন কৰা দুগ্ধ সংসাধন আৰু পেকেজিং উদ্যোগটো বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰাৰ পাছতো আজিকোপতি মুকলি নহ’ল উদ্যোগটো। ডেৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা উদ্যোগটো আজিকোপতি মুকলি নোহোৱাৰ  ফলত ক্ষুব্ধ হৈ পৰিছে গো-পালক সকলে । উল্লেখ্য যে ধুবুৰী, গোৱালপাৰা জিলাৰ উপৰি কেৱল বঙাইগাওঁ জিলাৰ গো-পালকসকলৰ পৰা দহ হাজাৰ লিটাৰ গাখীৰ সংগ্ৰহ কৰি সংসাধন আৰু পেকেজিং কৰাৰ লগতে পনীৰ , ঘি,ক্ৰীম আদি দুগ্ধজাত সামগ্ৰী উৎপাদনৰ লক্ষ্যৰে ডেৰ কোটি টকা ব্যয় সাপেক্ষে উদ্যোগটো স্থাপন কৰাত উৎফুল্লিত হৈ পৰিছিল হাজাৰৰো অধিক পৰিয়ালক সামৰি গঠন হোৱা বঙাইগাওঁ জিলাৰ ২৫ খনৰ উপৰিও গোৱালপাৰা জিলাৰ ২০ খন আৰু আৰু ধুবুৰী জিলাৰ ১২ খন দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ।এইক্ষেত্ৰত বঙাইগাওঁ জিলা দুগ্ধ উৎপাদন ফেডাৰেচনৰ সভাপতি বলোৰাম দত্তই  প্ৰয়োজনীয় ধন আৱণ্টন নিদিয়াৰ বাবেই স্থবীৰ হৈ আছে উদ্যোগটোৰ কাম- কাজ বুলি উল্লেখ কৰি আকৌ জানিবলৈ দিয়ে যে তেতিয়াৰ মুখ্যমন্ত্ৰী সোনোৱালে নিৰ্বাচনৰ পাচতে উদ্যোগটো দুগ্ধ উৎপাদন ফেডাৰেচনলৈ হস্তান্তৰ কৰাৰ লগতে ধন মোকোলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । সেইমতে মুখ্যমন্ত্ৰী গ্ৰাম্য আচঁনিৰ যোজনাৰ অধীনত দহ লাখ টকা অনুমোদন দিয়ে যদিও আজিপৰ্যন্ত উক্ত ধন মোকোলাই নিদিলে ।আনপিনে উদ্যোগটো উদ্বোধন কৰাৰ পাছতে দুগ্ধ উৎপাদক সমবায় সমিতিসমূহৰ সহায়ক হোৱাকৈ আনটাইড ফাণ্ডৰ পৰা ১ লাখ ৪হাজাৰ  টকাকৈ মোকোলাই দিবলৈ প্ৰতিখন পঞ্চায়তকে নিৰ্দেশ দিছিল । অসমত উপলব্ধ নোহোৱা গাখীৰ জোখা, পৰীক্ষা কৰা যন্ত্ৰ ক্ৰয় কৰাৰ বাবে পঞ্চায়তৰ পৰা নিৰ্দেশনাৰ প্ৰয়োজন আছিল যদিও দুই -এখন পঞ্চায়তৰ বাহিৰে আন পঞ্চায়তৰ সচিবে গুৰুত্বই নিদিলে । তদুপৰি অসম ৰাজ্যিক দুগ্ধ উৎপাদন ফেডাৰেচনৰ লগত স্থানীয় গো-পালকক প্ৰাধান্য দিয়াৰ বাবে চুক্তি কৰিব বুলি কোৱা মন্ত্ৰী অতুল বৰাই গো-পালকৰ মুৰত ৰামটাঙোন শোধাই গুজৰাটৰ ‘ৱামূল’ নামৰ প্ৰতিষ্ঠানৰ সৈতে পাঁচ বছৰৰ বাবে বুজাবুজিৰ চুক্তিহে কৰিলে ।  তাৰ পাছতো মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই  অসমৰ উৎপাদিত গাখীৰ পূৰবী ব্ৰেণ্ড  নামেৰে বিক্ৰী  কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও সেয়াও নহ’ল । মন্ত্ৰী  অতুল বৰাই গুৱাহাটীত দুবাৰকৈ দুগ্ধ উৎপাদক সমবায় সমিতিসমূহৰ সৈতে হোৱা বৈঠকত অতি শীঘ্ৰ উদ্যোগটো কাৰ্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিকোপতি নহ’ল । ইপিনে উদ্বোধন কৰাৰ পাছতে চাৰিজনকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উদ্যোগটো নিয়োগ কৰে যদিও হামিয়াই হিকটিয়াই দিন পাৰ কৰিছে কৰ্মচাৰীকেইজনে ।এনেক্ষেত্ৰত স্থানীয় গো-পালকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে উদ্যোগটো কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে গো- পালকসকলে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like