নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ শ্ৰীশ্ৰীৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাৰ সংস্কাৰ “যজ্ঞ”

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : উজনি অসমৰ একমাত্ৰ শ্ৰীশ্ৰীদক্ষিণপাট গৃহাশ্ৰমী সত্ৰস্থিত শ্ৰীশ্ৰীৰমানন্দ দেৱগোস্বামী সংস্কৃত বেদ পাঠশালাত দুদিনীয়া কাৰ্য্যসূচীৰে আজিৰ পৰা সংস্কাৰ যজ্ঞ ( উপনয়ন ) কাৰ্য্যসূচী ৰূপায়ণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীশ্ৰীদক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীয়ে জানিবলৈ দিয়ে যে সনাতন হিন্দু ধৰ্মৰ আদি পাঠ বেদ অধ্যয়ন কৰিবলৈ হলে বিদ্যাৰ্থীসকল সংস্কাৰ হব লাগে । জন্ম সূত্ৰে কোনো ব্ৰাহ্মণ নহয় । মনুস্মিতিয়ে উল্লেখ কৰিছে, অৰ্থাৎ জন্মতে মনুষ্য শূদ্ৰ হৈ জন্ম গ্ৰহণ কৰে, সংস্কাৰত দ্বিজ ব্ৰাহ্মণ হয়। বেদ পাঠৰ জ্ঞানৰ জৰিয়তে বিপ্র হয়, যি ব্ৰহ্মক জানিব পাৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে ব্ৰাহ্মণ কুলত জন্ম বালকো শূদ্ৰ হয়। সংস্কাৰ ক্ৰিয়াৰ জৰিয়তে ব্ৰাহ্মণ হব পৰা যায় । গতিকে আমি ২০১২ বৰ্ষৰ পৰা “বেদ” শিক্ষা লব লগা বিদ্যাৰ্থীসকলক সংস্কাৰ কৰি বৈদিক নিয়মৰ মাধ্যমেদি মহৰ্ষি সান্দিপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠানৰ নিয়ম অনুসাৰে ৱেদ শিক্ষা প্ৰদান কৰি আহিছো। ইয়াৰ দ্বাৰা বৰ্ত্তমান আমাৰ দুটা শ্ৰেণীৰ ছাত্ৰ আমাৰ বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই গৈছে বুলি মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে ।

আনহাতে বহুজনে বেদ ভূষণ উপাধি গ্ৰহণ কৰিছে বুলি কয় সত্ৰাধিকাৰগৰাকীয়ে । আনহাতে মাজুলীৰ ফুলনিৰ পংকজ চেত্ৰী নামৰ যুৱকজনে সুখ্যাতি অৰ্জন কৰি তিৰুপতি ইউনিভাৰ্চিটিত বিনামূলীয়াকৈ পঢ়িবলৈ সুবিধা লাভ কৰিছে । উজ্জৈয়নস্থিত আদৰ্শ বেদ বিদ্যালয়ত বিনামূলীয়াকৈ পঢ়াৰ সুবিধা অৰ্জন কৰিছে দুজনে । আনহাতে এই বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে প্ৰথম বৰ্ষৰ শিক্ষা লাভ কৰাৰ পাছৰ পৰাই মাক দেউতাকৰ যুৰীয়া একাউণ্টত প্ৰতিমাহে এক হাজাৰ টকাকৈ সাত বছৰলৈ লাভ কৰে বুলিও জনাই সত্ৰাধিকাৰ গৰাকীয়ে ।

হিন্দু ধৰ্ম সুৰক্ষা আৰু প্ৰচাৰ, প্ৰসাৰতাৰ কাৰণে শ্ৰীশ্ৰীৰমানন্দ দেৱ গোস্বামী সংস্কৃত ৱেদ পাঠশলাই কৰ্ম সম্পাদন কৰি আহিছে আহিছে। এই বছৰো প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী সকলক দুদিনীয়া কাৰ্য সুচিৰে সম্পূৰ্ণ ৱৈদিক নিয়মেৰে ৱেদ শিক্ষাৰ কাৰনে প্ৰায় বিশ জন শিক্ষাৰ্থীক সংস্কাৰ কৰা ব্যৱস্থা কৰিছে। এই কাৰ্যত বিদ্যালয়ৰ ৱেদ পণ্ডিত বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাই সহযোগিতা আগবঢ়াই । স্থানীয় ৰাইজ তথা আইমাতৃসকলৰ নাম-কীৰ্তনেৰে এক উলহ-মালহেৰে সংস্কাৰ কাৰ্যসূচী সম্পন্ন কৰে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like