নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ

👉শিৱসাগৰ আমগুৰি গাঁৱৰ দিখৌৰ মথাউৰিত খহনীয়া

👉জলসম্পদ বিভাগৰ যুদ্ধকালীন তৎপৰতা

👉জলমগ্ন নদীকাষৰীয়া আৱাসিক এলেকা

👉ঘটনাস্থলীত উপস্থিত উপায়ুক্ত-চক্ৰ বিষয়া

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ শিৱসাগৰ জিলাখনৰ মাজেদি বৈ যোৱা দিখৌ নদী যোৱানিশাৰে পৰা তীব্ৰ গতিত বাঢ়িবলৈ ধৰে৷ নাগালেণ্ডৰ বিভিন্ন স্থানত বিগত দুটা দিন ধৰি ব্যাপক হাৰত বৰষুণ দি থকাৰ বাবেই দিখৌ নদীৰ জলস্তৰ তীব্ৰ গতিত বৃদ্ধি পোৱাৰ লগতে নিশাৰে পৰা বিপদ সীমাৰ ওপৰেৰে বয় যোৱাৰ ফলত নদী কাষৰীয়া অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হয় ৷ বিগত দুটা বছৰ ধৰি নগালেণ্ডত বৰষুণৰ পৰিমাণ তুলনামূলক ভীৱে হ্ৰাস পোৱাৰ ফলত নদীৰ পানী বাৰিষাৰ সময়চোৱাত বিশেষ বৃদ্ধি পোৱা নাছিল যদিও এইবাৰ দিখৌ নদীৰ জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কালি নিশাৰ পৰা বিপদ সীমাৰ প্ৰায় ৭০ চেন্টিমিটাৰ ওপৰেৰে বৈ থকাৰ ফলত নদী কাষৰীয়া একাধিক জন বসতিপুৰ্ণ অঞ্চল নদীৰ পানীত বুৰ যায় ৷ বিশেষকৈ শিৱসাগৰ পৌৰ সভাৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ চলেগাও অঞ্চলটো সম্পুৰ্ণৰূপে পানীৰ তলত বুৰ যোৱাৰ ফলত শতাধিক পৰিয়ালৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হয়৷ নদীখনৰ দুয়োপাৰে নদীৰ মথাউৰিৰ অন্তভাগত বসবাস কৰা কেইবা শতাধিক পৰিয়ালৰ বাস গৃহ পানীত বুৰ যায় ৷ নগৰৰ আমগুৰি ঘাট অঞ্চলতো দিখৌৰ মথাউৰিৰ ভিতৰ ফালে বাস কৰা পৰিয়ালৰ বাস গৃহ সমুহ পানীত বুৰ যোৱাত পৰিয়াল সমুহে মথাউৰিৰ কাষত তম্বু তৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰে৷ আক্ৰান্ত পৰিয়ালসমুহৰ কাষত স্থানীয় গাঁও প্ৰধান উপস্থিত হয় সমষ্যাৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক অৱগত কৰে ৷ আনহাতে শিৱসাগৰ চহৰৰ একেবাৰে সমীপতে লাগি থকা আমগুৰি গাৱত দিখৌ নদীৰ মথাউৰিত কালি বিয়লিৰ পৰা ব্যাপক খহনীয়া আৰম্ভ হৈছে ৷ আমগুৰি গাঁৱৰ মাজমজিয়াৰ ১নং তেল খাদৰ পিছফালে থকা মূল মথাউৰিটোৰ প্ৰায় ৮ মিটাৰ মান দৈঘ্যৰ এলেকাত খহনীয়া সৃষ্টি হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় ৷ নদী খনৰ এটা কেকোঁৰী অংশত পানীয়ে পোনপটীয়াকৈ আঘাত সনাৰ ফলতেই এই খহনীয়া সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷জল সম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ নিৰন্তৰ পৰ্য্যবেক্ষণৰ মাজতেই খহনীয়া দৃষ্টি গোচৰ হোৱাৰ পিছতেই নিশাৰে প্ৰতিৰোধ ব্যৱস্থাত নামি পৰে বিভাগটো ৷হৰ্ঠাত আৰম্ভ হোৱা খহনীয়াৰ খবৰ পাই নিশাই খহনীয়াস্থলীত উপস্থিত হোৱা কাৰ্য্যবাহী বিষয়া, সংমণ্ডল বিষয়াকে আদি কৰি এটা দলৰ পৰ্য্যবেক্ষণত ওৰে নিশা শ্ৰমিকৰ দলে প্ৰতিৰোধ ব্যৱস্থাত নামি পৰে ৷ আজি পুৱাৰে পৰা এগৰাকী দণ্ডাধীশৰ উপস্থিতিত জলসম্পদ বিভাগে যুদ্ধকালিন তৎপৰতাৰে মাটিৰ বস্তা, বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধ অভিযান অব্যাহত ৰাখে৷ ঘটনাৰ খবৰ পাই দুপৰীয়াৰ ভাগত জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে নিজেই ঘটনাস্থলীত উপস্থিত হয় খহনীয়াৰ বুজ লোৱাৰ লগতে সকলো সম্ভৱত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে৷ কালি নিশাৰে পৰা খহনীয়া আৰম্ভ হোৱাৰ পিছতেই দূৰ্য্যোগ প্ৰশমণ বিভাগৰ এগৰাকী বিষয়াইয়ো নিজেই খহনীয়াস্থলীত উপস্থিত হয় পৰ্য্যবেশন কৰি আছে৷ উল্লেখ্য যে পুৰ্বৰে পৰা যথেষ্ট দুৰ্বল উক্ত অংশটোত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জলসম্পদ বিভাগক আহব্বান জনাইছে৷ স্মৰ্তব্য যে যি স্থানত দিখৌ নদীৰ খহনীয়া আৰম্ভ হৈছে সেই স্থানৰ নামনিৰ অংশত অ এন জি চিৰ প্ৰথমটো খাৰুৱা তেল আৱিস্কাৰ হোৱা তেলখাদ অৱস্থিত হোৱাৰ লগতে ৰজাদিনীয়া দুৱৰণী আলি, আমগুৰি গাঁও, জোলা গাঁও, বৰ আলি, ঠাকুৰ পাৰ, চিপাহী গাও, জয়সাগৰ, সুন্দৰ পুৰ, শলগুৰিৰ লগতে বহু কেইখন প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয় আছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like