নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘুণাসুঁতিত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত

🟢ঢকুৱাখনা-ঘুণাসুঁতি সংযোগী পথৰ এৰাসোৱণশিৰিত নিৰ্মাণ ন’হল দলং

নিয়মীয়া বাৰ্তা, ১৪নৱেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া উন্নয়নৰ জয়গান। চলি আছে অমৃত কাল। কিন্তু এই অমৃত কালতো দুৰ্ভোগ ভুগি আছে এইখন অসমৰে একাংশ জনতাই। লখিমপুৰ সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলৰ ৰাইজৰ বাবে অমৃত গৈ বিহত পৰিণত হৈছে। ৰাজ্য চৰকাৰখনে সুগম বাট পথৰ কথা কৈ থকাৰ সময়তে লখিমপুৰ সমষ্টিৰ অন্তৰ্গত ঘূণাসুঁতি পঞ্চায়তত এখন দলঙৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পঞ্চায়তটোৰ কেইবাখনো গাঁৱৰ ৰাইজ।স্বৰাজোত্তৰ কালৰ পৰাই এৰা সোৱণশিৰিৰ নৈত বাৰিষা-খৰালি সকলো সময়তে টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলবাসীয়ে৷ টুলুঙা নাৱৰ ওপৰেদি মৰণক শৰণ দি পাৰাপাৰ হ’বলগীয়া হৈছে শিক্ষাৰ্থীও৷ঢকুৱাখনা-ঘূণাসুঁতি সংযোগী গড়কাপ্তানি পথৰ এৰা সোৱণশিৰিৰ বৰখাল পাৰঘাটত দৈনিক বিপদসংকুলভাৱে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই এনেদৰেই দেখিছে পৰিৱৰ্তনৰ স্থবিৰ মুখ! মাজে মাজে সংঘটিত হৈছে দুৰ্ঘটনা। বছৰ বছৰ ধৰি এখন টুলুঙা নাৱেৰে বিপদসংকুল ভাবে পাৰাপাৰ হৈ আছে ঘূণাসুঁতি অঞ্চলৰ ১০-১৫ খন গাঁৱৰ হাজাৰ হাজাৰ লোককে ধৰি কণ কণ ছাত্ৰ ছাত্ৰী।টুলুঙা নাৱেৰে পাৰ কৰিবলগীয়া হৈছে দুচকীয়া বাহন।আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী দৈনিক ১০ টকাকৈ ভাড়া দিব লাগে নাৱৰীয়াক।তদুপৰি চাইকেলৰ বাবে ২০টকা আৰু মটৰ চাইকেলৰ বাবদ নাৱৰীয়াক দিবলগীয়া হয় ৪০টকাকৈ।এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক মানৱ ডেকা আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক এৰা সোৱণশিৰিৰ পাৰঘাটত এখন দলং নিৰ্মান কৰিবৰ বাবে বাৰম্বাৰ আবেদন কৰি আহিছে যদিও আজিকোপতি কোনো সুফল পোৱা নাই অঞ্চলটোৰ লোকসকলে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে আহি দলং বনাই দিয়াৰ নামত হাজাৰটা প্ৰতিশ্ৰুতি দি থৈ যায় যদিও নিৰ্বাচনৰ পিছত সকলো পাহৰি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকে বুলি মন্তব্য কৰে এই অঞ্চলটোৰ ৰাইজে। চৰকাৰ পৰিৱৰ্তন হলেও সাধাৰণ জনতাৰ এনেকুৱা জ্বলন্ত সমস্যাৰ আজিলৈকে একো পৰিবৰ্তন আনিব পৰা নাই বুলিও মন্তব্য কৰে ভুক্তভোগী ৰাইজে। সততে সমষ্টিৰ উন্নয়নত দম্ভালি মাৰি অহা কথাচহকী শাসকীয় দলৰ বিধায়ক মানৱ ডেকাৰ সমষ্টিৰ এইসকলৰ দুৰ্ভগীয়া ৰাইজে টুলুঙা নাৱৰ পৰিৱৰ্তে দলঙৰ মুখ কেতিয়া দেখিব এতিয়া তাকে লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like