ৰাইজক সজাগ কৰাৰ ব্যতিক্ৰম প্ৰয়াস দৰং জনসংযোগৰ
জিলাৰ প্ৰান্তে প্ৰান্তে ক'ৰোনা বিৰোধী সজাগতা অভিযান
নিয়মীয়া বাৰ্তা ২০মেঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ৰ বিৰুদ্ধে চলা সংগ্ৰামখনক জনসাধাৰণক অধিক সক্ৰিয়তাৰে সহযোগ কৰাৰ ক্ষেত্ৰত দৰঙৰ জনসংযোগ বিভাগে গ্ৰহণ কৰিছে বিভিন্ন ব্যতিক্ৰম আৰু আকৰ্ষণীয় কাৰ্যসূচী।জিলাখনৰ প্ৰান্তে প্ৰান্তে গৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজক অধিক সজাগ কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভুমিকা। লক্ষণীয় যে লকডাউনৰ আৰম্ভণিৰে পৰা ক’ৰোনা বিৰোধী সংগ্ৰাম খনত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি অহা দৰঙৰ তথ্য আৰু জনসংযোগ বিভাগে শেহতীয়া ভাবে গ্ৰহণ কৰা এটি কাৰ্যসূচীয়ে গ্ৰামাঞ্চলৰ ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে।
উল্লেখযোগ্য যে মহামাৰী ক’ৰোনা বিষয়বস্তু হিচাপে লৈ দৰঙৰ কেইবাগৰাকীও লোকশিল্পীয়ে প্ৰস্তুত কৰিছে লোকসংগীতৰ আধাৰত বিভিন্ন গীত।দৰঙৰ থলুৱা সুৰ সমৃদ্ধ এইগীত সমুহ সংগ্ৰহ কৰি জনসংযোগ বিভাগৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাইজক উদ্দেশ্য কৰি প্ৰচাৰৰ ব্যৱস্থা কৰিছে।দৰঙৰ তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈয়ে জানিবলৈ দিয়ামতে জিলাখনৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ পৰামৰ্শ অনুযায়ী জনসংযোগ বিভাগে গ্ৰহণ কৰা এই প্ৰয়াসত ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে।জিলাখনৰ লোকশিল্পী বুলু ডেকা,খনীন্দ্ৰ বৰা,ফুলেশ্বৰ নাথ আদি শিল্পীৰ ক’ৰোনাৰ সজাগতামূলক গীতৰ লগতে দেওমৰনৈত স্বাস্থ্য বিভাগৰ মহিলা কৰ্মীৰ এটি দলে প্ৰস্তুত কৰা জিকিৰৰ আলমৰ গীত ইতিমধ্যে জিলাখনৰ দিপীলা, গৰুবান্ধা,পাথৰিঘাট, বাজনাপথাৰ আদি অঞ্চলত প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে।জিলাখনৰ থলুৱা সুৰ তথা ভাব-ভাষা সমৃদ্ধ হোৱাবাবে এনে গীতসমুহত ৰাইজে মনোৰঞ্জন লাভ কৰাৰ লগতে ক’ৰোনাৰ সন্দৰ্ভত শিক্ষাও লাভ কৰে।
উল্লেখযোগ্য যে জিলা জনসংযোগ বিষয়া মণিমালা গগৈয়ে আনকি লকডাউনৰ সময়ছোৱাত জিলা প্ৰশাসনৰ হৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ব্যক্তিগত ভাবে খা খবৰ লৈ তেওঁলোকৰ মনোবল অটুট ৰখাৰ আন এক উল্লেখনীয় প্ৰয়াসো গ্ৰহণ কৰে।কথা সাহিত্যিক ইদ্ৰিছ আলী,সাহিত্যিক পেন্সনাৰ শশীধৰ নাথ, নাট্য প্ৰদীপ তথা অৱসৰী অধ্যক্ষ ৰজনীকান্ত নাথ,সাহিত্যিক দীনেশ্বৰ শৰ্মা,উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা,ইতাহাসবিদ ড০নগেন্দ্ৰ নাথ শৰ্মা, অৱসৰী শিক্ষক চন্দ্ৰকান্ত নাথ ,অতুল চন্দ্ৰ গোস্বামী আদিকে ধৰি কেইবাগৰাকীও ব্যক্তিৰ লগত আলাপত মিলিত হৈ তেওঁলোকৰ মনোবল অটুট ৰখাৰ প্ৰয়াস লয়।ইফালে আকাশবাণী যোগে প্ৰচাৰিত বাতৰিৰ উপৰিও ক’ৰোনাৰ সজাগতাৰ বাবে আকাশবাণী ৰ “প্ৰতিৰোধী”শীৰ্ষক অনুষ্ঠানো স্হিৰ অনূভাষ যন্ত্ৰৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা ৰাখিছে নিয়মীয়া ভাবে।তদুপৰি যিবিলাক অঞ্চলত স্হিৰ অনুভাষ যন্ত্ৰৰ সুবিধা উপলব্ধ হোৱা নাই তেনে অঞ্চলসমুহত ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰ জৰিয়তে বিভিন্ন সজাগতা মূলক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।বিশেষকৈ ধূলা,দলগাও ,খাৰুপেটীয়া আদি অঞ্চলৰ চাহ বাগান আৰু চৰ।চাপৰি এলেকাসমুহত এনে ধৰণৰ প্ৰচাৰ চলোৱাত অত্যাধিক গুৰুত্ব দিয়া বুলিও প্ৰকাশ কৰে জনসংযোগ বিষয়াগৰাকীয়ে।ইফালে জিলাখনত ক’ভিড- ১৯ সম্পৰ্কীয় তথ্য যাতে সাংবাদিক সকলে সহজতে লাভ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দি জিলা জনসংযোগ কাৰ্যালয়ৰ পৰা প্ৰশাসনীয় বিষয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক সকলক লৈ “হোৱাটছ এপ “গোট খুলি প্ৰচাৰৰো ব্যৱস্থা ৰাখিছে।লক্ষণীয় যে দুটাকৈ গুৰুত্বপূৰ্ণ পদ খালী থকাৰ পিছতো উচ্চ বৰ্গৰ সহায়ক কৰবী হাজৰিকা, কাৰিকৰী বিভাগৰ দিলীপ দ’লে,আৰু চতুৰ্থ বৰ্গৰ তিনিগৰাকী কৰ্মচাৰী ক্ৰমে ধীৰাজ নাথ,কেশৱ চৌধুৰী আৰু সূৰেন্দ্ৰ নাথ শৰ্মাক লৈ এটি “টিম”হিচাপে দৰঙৰ জনসংযোগ বিভাগে জনসজাগতাৰ বাবে ব্ৰতী আছে অহৰহ।