নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত তামুলদিৰ প্ৰায় ২৬ বছৰীয়া পিঞ্জিৰা খাতুন নামৰ মহিলা এগৰাকী বকো বজাৰৰ পৰা নিৰুদ্দেশ হোৱা খৱৰ প্ৰকাশ হৈছে। আজি পিঞ্জিৰা খাতুনৰ স্বামী বাহাৰুল হকে জনোৱা মতে, কালি দিনৰ ভাগত বকোৰ মেডিকেলত যাম বুলি ওলাই গৈ ঘুৰি নাহিল। ইফালে পিঞ্জিৰা খাতুন আৰু বাহাৰুলৰ এগৰাকী ছয় বছৰীয়া কন্যা আৰু দুই বছৰীয়া পুত্ৰ এজন আছে। দুটি এমা-ডিমা কন্যা পুত্ৰ এৰি নিৰুদ্দেশ হোৱা বোৱাৰীগৰাকীৰ পৰিয়ালত হাহাকাৰ লাগিছে। পুত্ৰ কন্যাই কান্দি কাটি হায়ৰান হোৱাৰ লগতে স্বামী বাহাৰুলেও শোকত ভাগি পৰিছে। ঘটনা সন্দৰ্ভত বকো থানাত এজাহাৰ দাখিল কৰিছে আৰু সংবাদ মাধ্যমত দিয়া ফটো আৰু 93655/89768 নম্বৰত ফোন ৰাইজৰ বাবে দিছে। স্বামী বাহাৰুল আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সম্ভেদ পালে ওপৰত উল্লিখিত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক বিষ্ণু ৰাম দাস