নিয়মীয়া বাৰ্তা ৪ জুলাইঃ ক’ৰোনাৰ সামাজিক সংক্রমণক লৈ সাংঘাতিক ধৰণে শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ৷ গুৱাহাটী মহানগৰীৰ পিছতেই শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নথকা বিভিন্ন লোক ক’ৰোনাত নিতৌ আক্রান্ত হোৱাৰ খবৰে স্বাভাৱিকতে চিন্তাত পেলাইছে চৰকাৰ–প্রশাসনক৷ যিকোনো বিনিময়ত ক’ৰোনাৰ গণসংক্রমণ ৰোধৰ বাবে প্রয়োজনত জিলাই জিলাই লকডাউন ঘোষণাৰ বাবে চৰকাৰে উপায়ুক্তসকলক কর্তৃত্ব প্রদান কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে দিনৰ ভাগত আমিনগাঁৱত সংবাদ মাধ্যমৰ আগত কয় যে গণসংক্রমণৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্তসকলক লকডাউনৰ সিদ্ধান্ত লোৱাৰ বাবে নির্দেশ দিয়া হৈছে৷ কোনো স্থানত ১০–১২টা সামাজিক সংক্রমণৰ ঘটনা সংঘটিত হ’লেই সেই অঞ্চলত লকডাউন ঘোষণা কৰিবলৈ জিলা উপায়ুক্তসকলক ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ লখিমপুৰ জিলাৰ গোগামুখত ইতিমধ্যে প্রশাসনে লকডাউন ঘোষণা কৰিছে৷ কামৰূপ জিলাৰ আমিনগাঁও চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নজৰত থকা বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা এই অঞ্চলটো নজৰত আছে৷ মহানগৰীৰ গাতে লাগি থকা স্থান হিচাপে অঞ্চলটোক লৈ চিন্তা আছে৷ ক’ভিড–১৯ এ জি কিট অহাৰ পিছতেই ইয়াতো নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ লগতে অহা ৩০ আগষ্টৰ ভিতৰত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব বুলি উল্লেখ কৰি জনসাধাৰণক আৰু দুটা মাহ সাৱধান আৰু সতর্কতাৰে থাকিবলৈ আহ্বান জনায়৷ আনহাতে গুৱাহাটী আইআইটিত স্থাপন কৰা ৮০০খন বিছনাযুক্ত ক’ভিড হাস্পতাল আৰু মণিৰাম দেৱান ট্রেড চেণ্টাৰত স্থাপন কৰা ৪৫০খন বিছনাযুক্ত ক’ভিড হাস্পতাল দুখন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰিদর্শন কৰি প্রস্তুতিৰ পর্যালোচনা কৰে৷ কামৰূপ জিলাৰ মির্জাৰ পতঞ্জলি যোগ পীঠ ক’ভিড হাস্পতালকে ধৰি ১৬০০ ৰোগী ৰখাৰ ব্যৱস্থা আছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ মন্ত্রী ড০ শর্মাই আজি পাণ্ডু, ভৰলুৰ স্ক্রিনিং চেণ্টাৰৰ লগতে নিশাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসক–নার্ছৰ সৈতে মত বিনিময় কৰে৷
খানাপাৰাত একাংশ ৰোগীৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি
মাৰাত্মক ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্রত পৰিণত হোৱা ৰাজধানী চহৰ গুৱাহাটীত অব্যাহত আছে দ্রুত সংক্রমণ৷ নিতৌ মহানগৰীত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা৷ ইয়াৰ মাজতে যিকোনো পৰিস্থিতিৰ বাবে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ৰোগীৰ সংখ্যা বৃদ্ধি পালেও যাতে বিছনাৰ অভাৱ নঘটে, তাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এনে পৰিস্থিতিৰ মাজতে খানাপাৰাত স্থাপন কৰা হৈছে এখন নতুন ক’ভিড হাস্পতাল৷ ৰোগীসকলৰ সা–সুবিধাৰ বাবে এই নতুন ক’ভিড হাস্পতাল সুপৰিকল্পিতভাৱে নির্মাণ কৰা হৈছে৷ কিন্তু নতুনকৈ এই ক’ভিড হাস্পতালখনত প্রৱেশ কৰিয়েই শুকুৰবাৰে একাংশ ৰোগীয়ে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্রাপ্ত তথ্য অনুসৰি, ২নং ক’ভিড কেয়াৰ হলত খাদ্য আৰু গৰম পানী নোপোৱাৰ অভিযোগ উত্থাপন কৰি হুলস্থূল কৰে৷ আনকি ক’ভিড কেয়াৰ হলটোৰ পৰা বাহিৰলৈ ওলাই আহি স্বাস্থ্যকর্মীৰ সৈতে বাক্–বিতণ্ডাত লিপ্ত হয়৷ যাক লৈ শংকিত হৈ পৰে ক’ভিড কেয়াৰ হলটোত কর্তব্যৰত চিকিৎসক–নার্ছ তথা স্বাস্থ্যকর্মীসকল৷ উল্লেখ্য যে নতুনকৈ নির্মাণ কৰা ক’ভিড হাস্পতালত কালিৰ পৰাহে ৰোগী ভর্তি কৰা হৈছে৷ প্রশাসন তথা স্বাস্থ্য বিভাগে ক’ভিড হাস্পতালখনত সকলো সুবিধা উপলব্ধ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে