নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত মহিলাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১৪ ফেব্ৰুৱাৰীঃ লাওখোৱা অভয়াৰণ্যৰ ভিতৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, উক্ত মৃতদেহটি লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া গড়াজানৰ পশ্চিম ফুটালজাৰ গাঁৱৰ হাজেৰা খাতুন ৷ যোৱা দেওবাৰে বিয়লি ভাগত খৰি বিচাৰি আন কেইবাগৰাকী মহিলাৰ সতে অভয়াৰণ্যখনৰ ভিতৰভাগত প্ৰৱেশ কৰিছিল হাজেৰা খাতুন। এতিয়া প্ৰশ্ন হয় ১৯৭২ চনৰ বন্যপ্ৰাণী আইন মতে অভয়াৰণ্যত মানুহৰ প্ৰৱেশ কঠোৰ বাবে নিসিদ্ধ কৰাৰ পিছতো বনকৰ্মীৰে গিজগিজাই থকা অভয়াৰণ্যৰ ভিতৰ ভাগত কিদৰে অনাধিকাৰে প্ৰৱেশ কৰিলে মহিলাগৰাকীয়ে। ইফালে মৃতদেহটি উদ্ধাৰৰ ক্ষেত্ৰত বনকৰ্মীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ মৃত হাজেৰা খাতুনৰ পৰিয়ালৰ।

You might also like