নিয়মীয়া বাৰ্তা, ৩ মেঃ লকডাউনৰ মাজতে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণু পথৰ সমীপত নৈত ভাহি অহা অৱস্থাত এক অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ।
মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । মুখত মাক্স , গুলপীয়া চাৰ্ট’, কলা পেন্ট, কলা জোতা পৰিহিত এজন লোকৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নৈত উটি আহি পাৰত লাগি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বাতৰি লিখা সময়লৈকে ক’ৰ পৰা কেনেকৈ নদীৰ পাৰত যুৱকৰ মৃতদেহ আহি পালে এই কথাৰ সম্ভেদ উলিয়াব পৰা নাই, নদী আৰক্ষী তথা উত্তৰ গুৱাহাটী আৰক্ষীয়ে ।