ডিব্রুগড়ত পথৰ দাঁতিত উদ্ধাৰ ক’ভিড ৰোগীৰ মৃতদেহ; তীব্র উত্তেজনা
নিয়মীয়া বাৰ্তা, ১ জুনঃ উত্তৰ প্রদেশত ক’ভিড ৰোগীৰ মৃতদেহ নদীত পেলাই দিয়া দৃশ্যই দেশব্যাপী চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে সোমবাৰে ডিব্রুগডত অনুৰূপ ঘটনা সংঘটিত হোৱাত কেৱল চাঞ্চল্যৰ সৃষ্টিয়েই নহয়, উত্তপ্ত পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ পৰিস্থিতি ক্রমান্বয়ে ভয়ংকৰ দিশে গতি কৰাত বিশাল আৰক্ষী আৰু অর্ধসামৰিক বাহিনী নিয়োগ কৰিবলগীয়া পৰিস্থিতি হৈছে৷
জানিব পৰা মতে, ক’ভিডত মৃত্যু হোৱা এজন ৰোগী পথৰ কাষত পেলাই থৈ যোৱাক কেন্দ্র কৰিয়েই হৈছে উত্তপ্ত পৰিস্থিতি৷ ডিব্রুগডৰ ৰ’মাই চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ানক ঘটনা৷ ঘটনাটো প্রকাশ পোৱাৰ লগে লগে সমগ্র চাহ বাগিচা উত্তপ্ত হৈ পৰিছে৷ ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্রমিকৰ মৃতদেহ সোমবাৰে পথৰ কাষত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্র চাঞ্চল্য৷ কিন্তু কিয় আৰু কেনেকৈ, কি পৰিস্থিতিত ৰোগীজনৰ মৃতদেহ ফুটপাথ পালেহি, সেয়া এতিয়াও ৰহস্যাবৃত৷ এই ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ডিব্রুগডৰ ৰ’মাই চাহ বাগিচা৷
বাগিচাখনৰ শ্রমিকসকল বাগিচা কর্তৃপক্ষ আৰু চিকিৎসালয়ৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী আৰু অর্ধসামৰিক বাহিনী৷ জানিব পৰা মতে, যোৱা ২৮ মে’ত ৰ’মাইৰ ভীম ভূঞা নামৰ লোকজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত ডিব্রুগডৰ ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছিল৷
পাছত শাৰীৰিক অৱস্থা অতি শোচনীয় হোৱাত ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ১০৮ৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল৷ কিন্তু ক’ভিডত আক্রান্ত হৈ থকা ৰোগীজনৰ মৃতদেহ ৰহস্যজনকভাৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ ৰাধা–কৃষ্ণ মন্দিৰৰ সমীপৰ ফুটপাথত উদ্ধাৰ হয়৷ ইয়াৰ পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ সাধাৰণতে কোনো ৰোগী ক’ভিডত মৃত্যু হ’লে মৃতদেহ পৰিয়ালক চমজাই নিদি প্রশাসনে নিজে ক’ভিড প্রট’কল অনুযায়ী সৎকাৰ কৰে৷ এনেস্থলত ক’ভিডত মৃত্যু হোৱাৰ পাছতো কিয় আৰু কাৰ গাফিলতিত মৃতদেহ ফুটপাথত পৰি ৰ’ল, সেয়া গুৰুত্বপূর্ণ প্রশ্ণ হৈ পৰিছে৷ সোমবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিছত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জিলা উপায়ুক্তক তদন্তৰ নির্দেশ দিয়ে বুলি জানিব পৰা গৈছে৷