নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ মুঠ ৮জন ব্যক্তিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্যখনত মহামাৰী ক’ৰোনাৰ সংহাৰ অব্যাহত আছে৷ কালিৰ দিনটোত অসমত ৮গৰাকী লোকে ক’ৰোনাৰ ওচৰত হাৰ মানি মৃত্যুমুখত পৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪৮গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কালি মাজুলীৰ দীপাঞ্জলি সেনাপতি (৪৫), লখিমপুৰৰ কুলেন্দ্র গোহাঁই (৫১), ডিব্রুগড়ৰ বীৰেন হাজৰিকা (৫০), গোলাঘাটৰ গুণীন ভৰালী (৭৩), শিৱসাগৰৰ গোলাপী ভৰালী (৬২), কামৰূপৰ ৰফিকুদ্দিন আহমেদ (৭০), চিৰাঙৰ মহম্মদ আলী (৬৪) আৰু গোৱালপাৰাৰ আয়নাল হক মিঞা (৬১)ৰ মৃত্যু হয়৷

মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, কালি ৰাজ্যখনত নতুনকৈ ২,৫৯৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷

আক্রান্তসকলৰ ভিতৰত ৫৫৩গৰাকী গুৱাহাটী মহানগৰীৰ, ২০৫গৰাকী যোৰহাটৰ, ১৯৯গৰাকী লখিমপুৰৰ আৰু ১৭৩গৰাকী গোলাঘাটৰ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৩৫,১৭৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৭.৩৮ শতাংশ৷

কালি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত মুঠ ১,৫৫,৪৫৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ কালিলৈ এতিয়ালৈ সর্বমুঠ ১,২৫,৫৪০গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৮০.৭৫ শতাংশ৷ বর্তমান ২৯,৩৬২গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷

You might also like