ঘিলামৰা, মিছামৰা, নতুন বজাৰ, শিৱসাগৰ, পতিয়া পথাৰত ক’ৰোনাক্রান্তৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ কাল কৰোনাৰ বাবে মৃত্যুমুখত পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোক।
ঘিলামৰাত দ্বিতীয়জন ক’ৰোনাত আক্রান্তৰ মৃত্যু
ক’ৰোনাত আক্রান্ত হৈ ঘিলামৰা তিনিআলিৰ সমীপৰ নিৱাসী শিক্ষক কুলেন্দ্র গোহাঁই (৫১)ৰ মৃত্যু হয়৷ যোৱা কিছুদিন পূর্বে জ্বৰত আক্রান্ত হোৱাত ঘিলামৰা প্রাথমিক চিকিৎসালয়ত তেওঁক ভর্তি কৰোৱা হৈছিল৷ চিকিৎসালয়তে তেওঁ ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ চিকিৎসাধীন অৱস্থাতে পৰহি নিশা তেওঁৰ মৃত্যু হয়৷
মিছামৰাত ক’ভিডত আক্রান্ত হৈ শিক্ষকৰ মৃত্যু
দেৰগাঁও ৰাজহ চক্রৰ অন্তর্গত ঘিলামৰা অঞ্চলৰ তেলিয়া সোণাৰি গাঁৱৰ গণকপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক উমা শর্মাৰ (৮০) যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ কেইদিনমান পূর্বে ক’ভিডত আক্রান্ত হোৱা উমা শর্মাক গোলাঘাটৰ কুশল কোঁৱৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও শ্বাস–প্রশ্বাসজনিত সমস্যাৰ বাবে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ চিকিৎসাধীন অৱস্থাতে পৰহি তেওঁৰ মৃত্যু ঘটে৷
ক’ৰোনাত আক্রান্ত হৈ নতুন বজাৰৰ দীপালী সেনাপতি পাঠকৰ মৃত্যু
মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তর্গত কলেজ কলনী নিৱাসী তথা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক টংকেশ্বৰ পাঠকৰ পত্নী দীপালী সেনাপতি পাঠক (৪৫)ৰ কালি পুৱা ডিব্রুগড়ত মৃত্যু হয়৷ উল্লেখ্য যে দীপালী সেনাপতি পাঠক দীর্ঘদিন ধৰি মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷ কিছুদিন পূর্বে অসুস্থ হোৱাত তেওঁক ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷
শিৱসাগৰত ক’ৰোনাত মৃত্যু হ’ল আবকাৰী বিষয়াৰ
ক’ৰোনাৰ সংহাৰী ৰূপত আকৌ প্রাণ গ’ল এজন আবকাৰী বিষয়াৰ৷ মৃত্যু হোৱা লোকজন হ’ল শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ধাইআলি নিৱাসী ইয়াকুব হুছেইন (৫৪)৷ যোৱা চাৰি দিন পূর্বে ঘৰতেই জ্বৰত আক্রান্ত হৈ অসুস্থ হৈ থকাৰ পিছত কালি ৰেপিড এণ্টিজেন টেষ্ট কৰাত পজিটিভ চিনাক্ত হয়। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়৷
পতিয়া পথাৰত ক’ভিডত এজনৰ মৃত্যু
বাদুলীপাৰৰ সমীপৰ পতিয়া পথাৰ নিৱাসী দণ্ড গগৈ (৬০)ৰ পৰহি ক’ভিডত আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ উল্লেখ্য যে কিডনী ৰোগত আক্রান্ত দণ্ড গগৈ যোৱা ১১ ছেপ্টেম্বৰত ক’ৰোনাত আক্রান্ত হোৱাত যোৰহাট মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷