বোকাজানত ভুল চিকিৎসাৰ ফলত যুৱকৰ মৃত্যুঃ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
নিয়মীয়া বাৰ্তা ১৩ মেঃ সন্দেহজনক চিকিৎসক আৰু ফাৰ্মাচীৰে ভৰা আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজানত বোকাজান আৰক্ষী থানা ৰোডত থকা বিতৰ্কিত চিকিৎসক এজনৰ ভুল চিকিৎসাৰ ফলত ৯ মে’, শনিবাৰে শুকানজানৰ উজ্জল নেওগ নামৰ এজন উদীয়মান যুৱকৰ মৃত্যু ঘটে । ভুল চিকিৎসা তথা চিকিৎসকৰ কিছু ভুলৰ বাবে যুৱকজনে অকাল মৃত্যুক সাৱতি লোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ অব্যাহত আছিল । অৱশেষত যুৱকজনৰ অকাল মৃত্যুৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে মহকুমাধিপতি দিলীপ তেৰাঙে ।
এই ঘটনাৰ তদন্তৰ বাবে মঙলবাৰে কাৰ্যবাহী দণ্ডাধীশ তাহিৰ আলমক দায়িত্ব অৰ্পণ কৰে ।
উল্লেখ্য যে মঙলবাৰে এই ঘটনা সন্দৰ্ভত বোকাজানৰ কেইবাজনো সাংবাদিকে মহকুমাধিপতিক অনুৰোধ জনাইছিল । যাৰ পাছতে তাৎক্ষণিক তদন্ত ঘোষণা কৰা পদক্ষেপক সাংবাদিকসকলে আদৰণি জনাইছে ।
ইতিমধ্যে ক’ৰোনা আতংকৰ মাজত ব্যস্ত থকা দণ্ডাধীশ আলমে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
ইফালে বুধবাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, কাৰ্বি-আংলং জিলা সমিতিয়ে উক্ত ঘটনাৰ তদন্ত বিচাৰি অভিযুক্ত চিকিৎসক আৰ বৰুৱাৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই বোকাজানৰ মহকুমাধিপতিক এখন আবেদন পত্ৰ প্ৰদান কৰে । লগতে এই আবেদন পত্ৰত চিকিৎসকগৰাকীয়ে নিজ বাসগৃহৰ ভিতৰত খোলা ফামাৰ্চী আৰু লেবৰেটৰী বিধিগত হয় নে নহয় তাৰো তদন্তৰ দাবী জনাইছে ।
আনহাতে আজি পৰিয়ালৰ সদস্যই চিকিৎসক আৰ বৰুৱাৰ বিৰুদ্ধে বোকাজান থানাত এখন এজাহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে বুলিও জানিব পৰা গৈছে ।