নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত গৰু চুৰিৰ সন্দেহত গণপ্ৰহাৰত যুৱকৰ মৃত্যু

বাৰ্তা বুৰো, ২৫ জুলাইঃ গৰুচোৰৰ ঘটনাক কেন্দ্ৰ কৰি আজি মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত বৰ আঁহতগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, যত গণপ্ৰহাৰত নিহত হয় ছাদ্দাম হুছেইন নামৰ এজন যুৱক। আহত হয় বিল্লাল আৰু মিজানুৰ নামৰ আন দুজন যুৱক। আনহাতে গণপ্ৰহাৰৰ পিছত ৰাইজৰ কবলৰ পৰা তিনিওজন সন্দেহজনক যুৱকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে একাংশ লোকে আৰক্ষী বাহিনীৰ ওপৰত শিলাবর্ষণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহন আৰু নেলী থানাৰ এখন বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে এই শিলাবর্ষণত আঘাতপ্ৰাপ্ত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিত নাথৰ দেহৰক্ষী জাকিৰ হুচেইন আৰু নেলী আৰক্ষীৰ বাহন ছালক ভদ্ৰেশ্বৰ লস্কৰ। আনহাতে উত্তেজিত জনতাই আক্ৰমণৰ লক্ষ্য কৰি লয় এটা ব্যক্তিগত চেনেলৰ সাংবাদিক অখিল চেত্ৰীকো। একাংশ লোকে তেওঁৰ মোবাইলটো কাঢ়ি নিয়াৰ লগতে সহযোগী ফটো সাংবাদিক নয়নজ্যোতি দাস আৰু মৃণাল কলিতাক মাৰধৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি কালি পুৱতিনিশা আঁহতগুৰি অঞ্চলত একাংশ ৰাইজে ৬জন যুৱকক সন্দেহজনক অৱস্থাত কৰায়ত্ত কৰে গৰু চোৰৰ সন্দেহত। কাৰণ সেই সময়তে গাঁওখনৰ পৰা তিনিটা গৰু চুৰি হোৱাৰ খবৰ আহিছিল, ইয়াৰ মাজতে তিনিজন যুৱকে পলায়ন কৰে যদিও তিনিজনক আবদ্ধ কৰে ৰাইজে। তাৰ পিছতে একাংশ লোকে প্ৰহাৰ কৰে যুৱক তিনিজনক। জ্বলাই দিয়ে যুৱককেইজনে ব্যৱহাৰ কৰা দুখন পালচাৰ বাইক। অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিত নাথৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও ৰাইজ ক্ৰমাৎ উত্তেজিত হৈ পৰে। পুৱাৰ ভাগত আৰক্ষীয়ে অশেষ কষ্ট কৰি যুৱককেইজনক উদ্ধাৰৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় একাংশ জনতাই। প্ৰচণ্ড শিলা বর্ষণত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী জাকিৰ হুচেইন গুৰুতৰভাবে আহত হৈ। আহত হয় নেলী থানাৰ আন এজন আৰক্ষী ভদ্ৰেশ্বৰ লস্কৰ। কেইবাজনো সংবাদ কৰ্মীক একাংশ লোকে বেয়াকৈ প্ৰহাৰ কৰে। তাৰ মাজতে আৰক্ষীয়ে তিনিজন যুৱকক উদ্ধাৰ কৰে যদিও এজন যুৱক ছাদ্দাম হুছেইনৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে নিহত ছাদ্দামৰ পৰিয়াল আৰু একাংশ লোকে ধৰমতুল থানাত প্ৰতিবাদ আৰম্ভ কৰাৰ লগতে যুৱককেইজন নিৰ্দোষী বুলি দাবী কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হয় ঘটনাস্থলীত। আনহাতে দিনৰ ১২ বজাত অসম আৰক্ষীৰ মহা পৰিদৰ্শক আইন শৃংখলাৰ প্ৰশান্ত ভূঞা ঘটনাস্থলীত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হব বুলি প্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like