দায়িত্ব পালন কৰি থাকোঁতে মৃত্যু প’লিং বিষয়াৰ
নিৰ্বাচন বাৰ্তা, ২৭ মাৰ্চঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিৰ্বাচনী বিষয়া ৰূপে দায়িত্ব পালন কৰি থকা অৱস্থাতে মৃত্যুমুখত পৰিল প’লিং বিষয়া।
সোণাৰি জিলাৰ শালকাঠনি চাহবাগিচাৰ ১৪৭নং ভোটকেন্দ্ৰত পোলিং বিষয়া ৰূপে নিয়োজিত তুলসী খনিকৰে ভোটগ্ৰহণ পৰ্ব চলি থাকোঁতে ঢলি পৰে। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা খনিকৰক ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নি থকা অৱস্থাত মৃত্যুমুখত পৰে।
চিকিৎসকৰ মতে, খনিকৰ হৃদৰোগত আক্ৰান্ত হোৱাত মৃত্যুমুখত পৰে। মৰাণ সেউজপুৰৰ নিৱাসী প’লিং বিষয়া খনিকৰ হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।