নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন

ৰাজ্য চৰকাৰৰ মন্ত্রী পৰিষদত গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   ক’ৰোনাসৃষ্ট পৰিৱেশৰ প্রেক্ষাপটত অনিশ্চয়তাৰ মাজত সোমাই পৰা বিটিচি নির্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব৷ ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকাল অন্ত পৰাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে দাবী উত্থাপন কৰি অহাৰ সময়তে এই গুৰুত্বপূর্ণ সিদ্ধন্ত গ্রহণ কৰিছে বুধবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ মন্ত্রী পৰিষদৰ বৈঠকে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত মন্ত্রী পৰিষদে গ্রহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিটিচি নির্বাচন সন্দর্ভত মন্ত্রী পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে বিটিচি নির্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ বুধবাৰে সিদ্ধান্ত লোৱা হৈছে৷ সেইমর্মে ডিচেম্বৰ মাহৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগক আহ্বান জনোৱাৰ বাবে মন্ত্রী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷

উল্লেখ্য যে ৰাজ্যিক নির্বাচন আয়োগে যোৱা ৪ এপ্রিলত বিটিচি নির্বাচনৰ দিন নির্ধাৰণ কৰিছিল৷ কিন্তু মাৰাত্মক ক’ৰোনা ভাইৰাইছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যিক নির্বাচন আয়োগে বিটিচি নির্বাচন সাময়িকভাৱে স্থগিত ৰাখে৷ কিন্তু শেহতীয়াকৈ বি পি এফ, গণ সুৰক্ষা পার্টী আদিয়ে অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকাল অন্ত পৰাৰ পূর্বে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি আহিছে৷ সমগ্র বিষয়টোক লৈ কালি মুখ্যমন্ত্রী সোণোৱালৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল৷ সর্বদলীয় বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিয়ে ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ জটিল সন্ধিক্ষণত বিটিচি নির্বাচন অনুষ্ঠিত কৰা সন্দর্ভত উত্থাপন কৰিছিল নিজ নিজ দৃষ্টিভংগী৷ এই বৈঠকতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰাই ৰাজ্যখনৰ শেহতীয়া ক’ৰোনা পৰিস্থিতিৰ অৱলোকনেৰে এক প্রেজেণ্টটেচন আগবঢ়োৱা হৈছিল৷ সর্বদলীয় বৈঠকত ৰাজনৈতিক দলসমূহে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আগবঢ়োৱা পৰামর্শ সন্দর্ভত  মন্ত্রী পৰিষদে বিস্তৃতভাৱে আলোচনা কৰি ডিচেম্বৰ মাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে, আজি মন্ত্রী পৰিষদৰ বৈঠকে আন কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ততো অনুমোদ জনায়৷ পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰৰ বড়ো জনবসতিপ্রধান অঞ্চলসমূহক সামৰি ‘বড়ো–কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ’ গঠনৰ অধ্যাদেশত মন্ত্রী পৰিষদে অনুমোদন জনাইছে৷ সেইদৰে অসমত বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে অধ্যাদেশৰ জৰিয়তে স্বীকৃতি দিয়াৰো সিদ্ধান্ত গ্রহণ কৰে মন্ত্রী পৰিষদৰ বৈঠকে৷ এতিয়াৰে পৰা বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’নৰ (বি টি আৰ) নামফলকসমূহত বড়ো আৰু ইংৰাজীৰ উপৰি অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক হ’ব৷ এই সম্পর্কত পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে বি টি আৰৰ বিভিন্ন নামফলকসমূহ এতিয়া বড়ো আৰু ইংৰাজী ভাষাত লিখা হয়৷ কিন্তু আজি নামফলকসমূহ বড়ো আৰু ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো লিখাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব৷

অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলক কেন্দ্র কৰি সমগ্র ৰাজ্য তোলপাৰ হৈ থকাৰ সময়তে চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষা সম্পর্কত মন্ত্রী পৰিষদে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ নিযুক্তিৰ কোনো পৰীক্ষাতে বেচৰকাৰী সংস্থাক নিয়োজিত কৰিব নোৱাৰিব৷ বিভাগসমূহে নিজাববীয়াকৈ অথবা ৰাজ্যিক তথা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ জৰিয়তেহে নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব৷ পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে কোনো বিভাগে নিযুক্তি পৰীক্ষাৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে বিভাগসমূহে নিজাববীয়াকৈ অথবা ৰাজ্যিক তথা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা৷ নিজাববীয়াকৈ অনুষ্ঠিত কৰা পৰীক্ষাত যদি কিবা খেলিমেলি হয়, সংশ্লিষ্ট বিভাগৰ মুৰব্বী জগৰীয়া হ’ব৷ তদুপৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন, জলসিঞ্চন আদি যিবোৰ বিভাগৰ নিযুক্তিৰ পৰীক্ষা বর্তমানে হ’বলগীয়া আছে অর্থাৎ সাজু আছে, সেইবোৰ অসমৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব৷

পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে,  মন্ত্রী পৰিষদৰ বৈঠকে ৪,৫৩৪গৰাকী অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিছে৷ চাহ বাগিচা কর্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৪২৮খন বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ বাবে ডে’ ব’ডিং আৰু বিনামূলীয়া ইউনিফর্ম যোগান ধৰিব চৰকাৰে৷ ৰাজ্যখনৰ উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা নূ্যনতম ২৫ৰ পৰা সর্বোচ্চ ৪৫লৈ বৃদ্ধিত মন্ত্রী পৰিষদে অনুমোদন জনাইছে৷ মাজুলীত বন বিভাগৰ দুটা নতুন ৰেঞ্জ আৰু চাৰিটা বীট অফিচ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ২০২০ চনৰ পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ গাঁওবুঢ়াসকলৰ পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৯,০০০ টকালৈ বৃদ্ধিত মন্ত্রী পৰিষদে অনুমোদন জনাইছে৷ অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাত অসমীয়া, বাংলা, অথবা বড়ো ভাষাৰ মাধ্যমত শিক্ষাগ্রহণ নকৰা বৰাক উপত্যকাৰ ছাত্র–ছাত্রীসকলক বাধ্যতামূলক পৰীক্ষাত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্তও গ্রহণ কৰে৷ আছাম টী প্লেণ্টেচনছ প্রভিডেণ্ট ফাণ্ডৰ অধীনত নিশ্চিত লাভালাভ বর্তমানৰ ১ লাখ টকাৰ পৰা ২ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত মন্ত্রী পৰিষদে অনুমোদ জনাইছে৷ মন্ত্রী পৰিষদৰ সিদ্ধান্তমর্মে ৰাজ্য চৰকাৰৰ মহাধিবক্তাই লাভ কৰিব কেবিনেট মর্যাদা৷ কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত যোগ্য মহিলা আত্মসহায়ক গোটসমূহলৈ ৫০,০০০ টকাৰ মূলধনী ৰাজসাহায্য প্রদানৰ বাবেও আজি সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ তদুপৰি আমিনগাঁৱত ৰাষ্ট্রীয় মীন উন্নয়ন পৰিষদৰ আঞ্চলিক কেন্দ্র স্থাপনৰ বাবে ৩০ বিঘা চৰকাৰী ভূমি আবণ্টনত অনুমোদন জনাইছে মন্ত্রী পৰিষদে৷ অইল ইণ্ডিয়া লিমিটেডক আবণ্টন দিয়া নামৰূপৰ এখন তৈলক্ষেত্রত তেল নিষ্কাশন আৰু উৎপাদনৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আছাম হাড্র’কার্বন এণ্ড এনার্জী কোম্পানীক প্রায় ৩০ কোটি টকা ব্যয়েৰে ১০ শতাংশ ইকুইটীত অংশ লোৱাৰ বাবে আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনায়৷ তদুপৰি মন্ত্রী পৰিষদৰ বৈঠকে অসম লোকসেৱা আয়োগত মহিলা সদস্যাৰ সংখ্যাৰ ক্ষেত্রত থকা সীমাবদ্ধতা দূৰীকৰণৰ বাবে আয়োগৰ নিয়মাৱলী সংশোধনতো অনুমোদন জনাইছে৷ এই সম্পর্কত মন্ত্রী পাটোৱাৰীয়ে কয় যে বর্তমানে অসম লোকসেৱা আয়োগত নূ্যনতম এগৰাকী মহিলা সদস্যা থকাৰ নিয়ম আছে৷ কিন্তু আজি মন্ত্রী পৰিষদে কৈছে যে সেইটো নহয়, যদি প্রয়োজন হয় মহিলা সদস্যা বেছিও থাকিব পাৰিব৷ নূ্যনতম ‘এগৰাকী’ শব্দটো উঠাই দি ‘মুকলি’ কৰি দিয়াৰ সিদ্ধান্ত আজি গ্রহণ কৰা হৈছে৷

You might also like