নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রভাৱঃ ঐতিহাসিক চৰাইদেউ মৈদামত পর্যটকৰ সংখ্যা হ্রাস

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ বিগত বছৰসমূহৰ তুলনাত এইপর্যন্ত চৰাইদেউ মৈদাম ক্ষেত্রলৈ আহিছে নগণ্যসংখ্যক পর্যটক৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ পুৰাতত্ত্ব জৰীপ বিভাগ (এ এছ আই) আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব আৰু পর্যটন বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্র দর্শন কৰিবলৈ ২০১৮ চনত মুঠ ৮২জন আৰু ২০১৯ বর্ষত ৭১গৰাকী বিদেশী পর্যটক আহিছিল৷

প্রাপ্ত তথ্য অনুসৰি, ঐতিহ্য ক্ষেত্রটোলৈ বছৰটোৰ প্রথম তিনি মাহত সৰহসংখ্যক পর্যটক আহে৷ কিন্তু চলিত বর্ষত এইপর্যন্ত ইয়ালৈ আহিছে মাত্র ৮জন বিদেশী পর্যটক৷ ইয়াৰ সমান্তৰালকৈ চৰাইদেউ দর্শন কৰিবলৈ অসম আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা পর্যটকৰ সংখ্যাও হ্রাস পাইছে বুলি জানিব পৰা গৈছে৷

ইয়াৰ ফলত চৰকাৰে যথেষ্ট ৰাজহ হেৰুৱাব লগা হৈছে৷ উল্লেখ্য যে ইউৰোপৰ দেশসমূহৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰ, থাইলেণ্ড আদি দেশৰ পৰা যথেষ্টসংখ্যক পর্যটক প্রতিবছৰে চৰাইদেউলৈ আহে৷ কিন্তু চলিত বছৰত এই দেশসমূহৰ পৰাও কোনো পর্যটক ক’ৰোনাৰ ফলত অহা নাই বুলি জানিব পৰা গৈছে৷

You might also like