নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত চবজি বিক্ৰেতাৰ লাভ জেহাদৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী

🔹  মালুগ্ৰাম আৰক্ষী থানাত এফআইআৰ দাখিল
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : লাভ জেহাদৰ বলি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী।  এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত চবজি বিক্ৰেতাই ১৭ বছৰীয়া নাবালিকাগৰাকীক প্ৰেমৰ জালত পেলাই প্ৰতাৰণা কৰাৰ চেষ্টা চলাইছিল।  এই ‘লাভ জেহাদ’ৰ ঘটনা শিলচৰত সংঘটিত হৈছে। অভিযুক্ত শাক-পাচলি বিক্ৰেতাজনে নাবালিকাক পতিয়ন নিয়াবলৈ নিজকে ‘ছানী দেৱ’ নামৰ হিন্দু যুৱক বুলি পৰিচয় দিয়ে।  এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ মাতৃয়ে মালুগ্ৰাম আৰক্ষী থানাত এখন এফআইআৰ দাখিল কৰিছে। ঘটনাৰ খবৰ অনুসৰি, মধুৰবন্দৰ বাহাৰ উদ্দিন লস্কৰ নামৰ এজন চবজি বিক্ৰেতাই দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ ভাবুকি দিয়ে। ছাত্ৰীগৰাকীৰ মাতৃয়ে কয়- শেহতীয়াকৈ মোৰ পৰিয়ালৰ সদস্য আৰু নাবালিকা ছোৱালীজনীৰ মাজত এক চিন্তনীয় বিষয় লক্ষ্য কৰোঁ। কেইদিনমানৰ পৰা পঢ়া-শুনা আৰু সুস্থ জীৱনশৈলীত মনোনিৱেশ কৰা মোৰ ছোৱালীজনীৰ পৰা কিছুমান অস্বাভাৱিক আচৰণ অনুভৱ কৰি আহিছোঁ।  কালি মই মোৰ ছোৱালীজনীক ঘটনাটোৰ বিষয়ে সোধাত মোৰ ছোৱালীজনীয়ে কয় যে অভিযুক্তই তেওঁৰ পৰিচয় লুকুৱাই প্ৰেমৰ নামত ছোৱালীজনীক হাৰাশাস্তি কৰি আছে আৰু ছোৱালীজনীয়ে যুৱকজনৰ যেতিয়াই প্ৰস্তাৱ নাকচ কৰে তেতিয়া অভিযুক্তই ছোৱালীজনীৰ ছবি সম্পাদনা কৰি ব্লেকমেইল কৰিবলৈ ধৰে। দেওবাৰে স্থানীয় বাসিন্দা আৰু ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই অভিযুক্তৰ শাক-পাচলিৰ দোকানলৈ গৈ  ছবিসমূহ ৰাজহুৱা কৰি তেওঁলোকৰ পৰিয়ালক সমাজত অপমান কৰাৰ ভাবুকি কিয় দিছে বুলি প্ৰশ্ন কৰে। তদুপৰি ছোৱালীগৰাকীৰ বক্তব্য অনুসৰি অভিযুক্তই তেওঁক লৈ গৈ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিব বিচাৰিছিল। ছোৱালীগৰাকীৰ মাতৃয়ে কয়- মোৰ ছোৱালীজনীয়ে আগতে অভিযুক্তৰ কার্যৰ ভয়ত সবিশেষ জনাব পৰা নাছিল আৰু এতিয়াও ভয়তে জীয়াই আছে তাই ৷
প্ৰেৰক গৌতম তালুকদাৰ
You might also like