ৰাজ্যত ০.৬৬ শতাংশলৈ হ্রাস পজিটিভিটীঃ শুকুৰবাৰে ৭৬৩জন আক্রান্ত, মৃত ২০
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ শুকুৰবাৰে ক’ভিড আক্রান্তৰ হাৰ ০.৬৬ শতাংশলৈ হ্রাস পাইছে৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৭৬৩জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ১২৪জন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি নলবাৰীৰ ৫৪জন, বৰপেটাৰ ৪৮জন আৰু গোলাঘাটৰ ৪৭জন লোক নতুনকৈ আক্রান্ত হৈছে৷ ক’ভিডৰ পৰা সুস্থ হৈছে ১,১৬৯জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৮,৬৫৪জন৷ শুকুৰবাৰে ক’ভিডত প্রাণ হেৰুৱাইছে ২০জন লোকে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৪৭১জনলৈ বৃদ্ধি পালে৷
উচ্চ ন্যায়ালয়ৰ নির্দেশনা
ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন গোচৰত প্রদান কৰা অন্তর্ৱর্তীকালীন নির্দেশনাৰ ম্যাদ বৃদ্ধিৰ বাবে পূর্বে দিয়া নির্দেশনা প্রত্যাহাৰ কৰিছে৷ নিম্ন আদালত, ন্যায়াধিকৰণ আদিৰ নির্দেশনাসমূহৰ ম্যাদ বৃদ্ধিৰ বাবে দিয়া নির্দেশনা অহা ৩১ আগষ্টলৈহে বাহাল থাকিব৷ গুৱাহাটীৰ প্রিন্সিপাল বেন্সৰ ক্ষেত্রত এই নির্দেশ অহা ২৩ আগষ্টলৈ প্রদান কৰা হৈছে৷