নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষ্ঠা আৰু সততাৰে কৰা কৰ্মই ভাগ্য সলনি কৰি দিয়েঃ প্ৰধানমন্ত্ৰী মোদী

সভাত উপস্থিত থকা লক্ষ লক্ষ জনতাক অসমীয়াত সম্বোধন

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ‘নিষ্ঠা আৰু সততাৰে কৰা কামে ভাগ্য সলনি কৰি দিব পাৰে। অসমৰ মোৰ ভাই-ভনীসকল কৰ্মঠ আৰু দক্ষতাৰে পুষ্ট। কৰ্মৰ জৰিয়তেই অসমীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু বিশাল প্ৰাকৃতিক ভাণ্ডাৰেৰে ভৰপূৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক পূৰ্বৰ শাসনধিষ্ঠিত চৰকাৰে দিল্লীৰ পৰা বহুত দূৰ বুলি ভাবিছিল। কিন্তু আমি শাসনলৈ অহাৰ লগে লগেই সূৰ্য উঠা ৰাজ্যখনৰ উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ সংকল্প লৈছিলো।

আজি অসমৰ উন্নয়ন এপদ এপদকৈ আগুৱাই যোৱাত এতিয়া সকলোৰে মন আনন্দৰে ভৰা। এয়া কিন্তু আৰম্ভণিহে, এতিয়াও আৰু বহুত উন্নয়ন আগুৱাই নিবলৈ বাকী। আপোনালোকে মোক আৰ্শীবাদ কৰক, মই আকৌ আপোনালোকৰ সৈতে থিয় হৈ অসমৰ উন্নয়ন আৰু অধিক আগুৱাই নিব পাৰো।’ 

এনেদৰেই আজি ধেমাজি জিলাৰ কুলাজানত উপস্থিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মিনিট সময় উদাত্ত কণ্ঠৰে বিশাল জনসভাক সম্বোধন কৰে। দিনৰ প্ৰায় ১১.৩০ বজাত বায়ু সেনাৰ বাহিনীৰ এখন বিশেষ বিমানেৰে উপস্থিত হোৱা মোদীয়ে ভাষণ আৰম্ভ কৰিয়েই ভাৰতৰত্ন ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জয়মতী আদিক স্মৰণেৰে অসমীয়াতেই ভূপেন হাজৰিকাৰ কালজয়ী এতি গীতৰ কলি আওৰাই তাত উপস্থিত লক্ষ লক্ষ জনগণৰ অন্তৰ জয় কৰিবলৈ চেষ্টা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সভাস্থলীৰ পৰাই বুটাম টিপি ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়, বঙাইগাঁও ৰিফাইনেৰীস্থিত ইণ্ডমেক্স ইউনিট, ডিগবৈ অইল টেংক সেৱা, শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু তিনিচুকীয়া গেছ কম্পেক্সৰ শুভ উদ্বোধন কৰে।

ইপিনে সভাত উপস্থিত থকা ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাষণ প্ৰসংগত পূৰ্বৰ কোনো মন্ত্ৰী আৰু নেতাই অসমৰ তেল আৰু গেছৰ কথা ভবা নাছিল বুলি প্ৰকাশ কৰি মোদীৰ নেতৃত্বতে দেশ তথা ৰাজ্যৰ বিকাশ সম্ভৱ বুলি প্ৰকাশ কৰে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশৰ উন্নয়ন ত্বৰান্বিত হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ পৰাই সততা,নিষ্ঠা আৰু সকলোৱে মিলি আগবঢ়ি যোৱাৰ আদৰ্শ শিকি লৈছো বুলি প্ৰকাশ কৰি তেখেতৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।

অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত অতি শীঘ্ৰেই ধেমাজি জিলাত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে আদৰণি ভাষণ আগবঢ়োৱা জনসভাত অসমৰ ৰাজ্যপাল জগদীশ মুখী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু প্ৰমুখ্যে বহু নেতা উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোদীৰ জনসভা সাফল্যমণ্ডিত কৰে। সভাত প্ৰায় পাঁচ লক্ষাধিক লোক উপস্থিত থাকে।

You might also like