নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তাত ত্ৰুটি : দিল্লী বিমানবন্দৰৰ ৰানৱেত সুৰাসক্তৰ প্ৰৱেশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ সময়ত দেশৰ ৰাজধানী দিল্লীত হাই এলাৰ্ট থকাৰ পাছতো দিল্লী বিমানবন্দৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটি পোহৰলৈ আহিছে। তাতে এজন ব্যক্তিয়ে বিমানবন্দৰৰ সীমা অতিক্ৰম কৰি ৰানৱে সোমাল। বিমানবন্দৰ কৰ্তৃপক্ষৰ চৰকাৰী সূত্ৰই দেওবাৰে এই ঘটনা নিশ্চিত কৰে। অৱশ্যে তথ্য লাভ কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তা চোৱাচিতা কৰা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ)য়ে এই গোচৰত কৰ্তব্যত অৱহেলাৰ বাবে এজন মুৰব্বী কনিষ্টবলক নিলম্বন কৰিছে। কোৱা হৈছিল যে বাউণ্ডেৰী জঁপিয়াই ৰানৱেলৈ অহা মানুহজন মদ্যপান কৰি আছিল। শনিবাৰে নিশা প্ৰায় ১১:৩০ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানৰ পাইলটে তেওঁক প্ৰথমে ৰানৱেত দেখিছিল। ততাতৈয়াকৈ পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ক জনায় যে টেক্সি চলাওঁতে এজন লোক বিমানখনৰ সন্মুখৰ পৰা পাৰ হৈ গৈছে। ঘটনা সন্দৰ্ভত তথ্য ততাতৈয়াকৈ চিআইএছএফক দিয়া হয়। সূত্ৰ অনুসৰি চি আই এছ এফে লগে লগে ৰানৱেত উপস্থিত থকা ব্যক্তিজনক ধৰি দিল্লী আৰক্ষীক গতাই দিয়ে। দিল্লী আৰক্ষীয়ে অভিযুক্তক আদালতত হাজিৰ কৰে আৰু তাৰ পৰাই তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তজন ড্ৰাগছ আসক্ত আৰু হাৰিয়ানাৰ নুহ জিলাৰ বাসিন্দা। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি চিআইএছএফে ততাতৈয়াকৈ এই বিষয়ত তদন্ত আৰম্ভ কৰিছিল। পিছত ঘটনাৰ দিনটোত কৰ্তব্যৰত এজন হেড কনিষ্টবলক গাফিলতিৰ বাবে নিলম্বন কৰা হয়। এজন জ্যেষ্ঠ বিষয়াই কয় যে গণৰাজ্য দিৱস উপলক্ষে যেতিয়া সমগ্ৰ চহৰখন হাই এলাৰ্টত আছিল তেতিয়া এনে ঘটনাৰ সংঘটন যথেষ্ট চিন্তনীয়।

You might also like