নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ভাড়াঘৰত আবদ্ধ গহপুৰৰ ডুবিয়া দগাঁৱৰ মেধাৱী ছাত্রী ৰিম্পী ভূঞা

অসম চৰকাৰক সহায়ৰ আহ্বান পিতৃ-মাতৃৰ

নিয়মীয়া বাৰ্তা , ২৮ এপ্রিলঃ সমগ্ৰ দেশত বৰ্তমান লকডাউন।যাৰ বাবে সকলো লোক আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে । এনে সময়তে উচ্চ শিক্ষাৰ লক্ষ্যৰে দিল্লীত বাহৰ পাতি থকা এগৰাকী ছাত্রীৰ কৰুণ জীৱনগাথা পোহৰলৈ আহিছে৷ নিজৰ লগতে পৰিয়াল আৰু অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাৰ প্রয়াসেৰে জীৱন যুঁজত অগ্রসৰ হৈছে ছাত্রীগৰাকী৷ লকডাউনৰ পৰিপ্রেক্ষিতত কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ বাবে খাদ্য সংকটত পৰিছে তেওঁ৷ হাৰিয়ানাৰ এটা কোম্পানীৰ অধীনত কর্মৰত বায়েক স্বপ্না ভূঞাৰ তত্ত্বাৱধানত তেওঁৰ ভগ্নী তথা মেধাৱী ছাত্রীগৰাকীয়ে উচ্চ শিক্ষাৰ লক্ষ্যৰে দিল্লীলৈ যাত্রা কৰে ২০১৯ৰ ছেপ্ঢেম্বৰ মাহত৷
দেশৰ প্রশাসনিক সেৱাৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱাৰ লক্ষ্যৰে নিজকে প্রস্তুত কৰি থকাৰ সময়তে দেশত লকডাউন ঘোষণা কৰা হয়৷ যাৰ বাবে কোম্পানী বন্ধ হৈ পৰাত বায়েক দৰমহাৰ পৰা বঞ্চিত হয়৷ এনে সময়তো আজিলৈকে চৰকাৰী কোনো সুবিধা লাভ কৰা নাই ভগ্নীদ্বয়ে৷ গহপুৰ মহকুমাৰ ডুবিয়া দগাঁৱৰ গজেন ভূঞা আৰু ৰেণু ভূঞাৰ কন্যা ৰিম্পী ভূঞাই   পূব ডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ৭৮ শতাংশ নম্বৰ লাভেৰে মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয় ৷ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮১ শতাংশ নম্বৰ লাভেৰে উত্তীর্ণ হৈ ছয়দুৱাৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ত অনার্ছ লৈ অধ্যয়ন কৰে৷  এই অমায়িক ছাত্রীগৰাকীয়ে ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ৫৬ শতাংশ নম্বৰ লাভেৰে স্নাতক ডিগ্রী লাভ কৰি দিল্লীলৈ ৰাওনা হয়৷   অতি দৰিদ্র পৰিয়ালৰ এইগৰাকী মেধাৱী ছাত্রীয়ে কলেজত পঢ়ি থকা কালতে চৰকাৰী স্কলাৰশ্বিপ লাভ কৰে৷ পিতৃয়ে কাঠমিস্ত্রীৰ কাম কৰাৰ লগতে মাতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে৷ অতি দৰিদ্র পৰিয়ালটোৰ কেউগৰাকী সন্তানেই মেধাসম্পন্ন৷ মেধাৱী ছাত্রী ৰিম্পীয়ে দেশৰ প্রশাসনিক সেৱাৰ লক্ষ্যৰে জীৱন যুঁজত অৱতীর্ণ হৈছে যদিও প্রতিখোজতে প্রয়োজনীয় অর্থৰ অভাৱত থমকি ৰ’বলগীয়া অৱস্থা হৈছে৷

         দিল্লীত থকা ৰিম্পীয়ে প্রশাসনিক সেৱাৰ ক’চিং চেণ্টাৰত অহা জুন মাহত নামভর্তি কৰাৰ পৰিকল্পনা কৰিছিল যদিও মুৰকত স্তব্ধ হৈ পৰা জনজীৱনে মর্মাহত কৰি তুলিছে৷ নিয়মীয়া বাৰ্তাৰ প্রতিবেদকেৰে হোৱা এক টেলিফোনিক বার্তালাপত ৰিম্পীয়ে কয়– ‘নিজকে এগৰাকী প্রশাসনিক সেৱক হিচাপে দেশৰ সেৱা কৰিব বিচাৰোঁ৷ আর্থিকভাৱে আমি দুর্বল হ’লেও নিজকে সবল কৰি প্রশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে নিজকে প্রস্তুত কৰি তুলিবলৈ ক’চিং চেণ্টাৰত অধ্যয়নৰ কথা ভাবি জুন মাহত নামভর্তিৰ কথা ভাবিছিলোঁ৷ তাৰ বাবে প্রথমে সেই পৰীক্ষাৰ প্রাথমিক জ্ঞান আহৰণৰ বাবে ইতিমধ্যে কিতাপ–পত্র সংগ্রহ কৰি অধ্যয়ন কৰি আছিলোঁ৷ বাইদেউৰ ভাড়া ৰুমতে থাকি অধ্যয়ন কৰি আছিলোঁ যদিও লকডাউনৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছো৷ বিশেষকৈ বাইদেউৰ কোম্পানীত কামো নাই দৰমহাও নাই৷ সাঁচতীয়া টকাকেইটাও শেষ হৈছে৷ লকডাউন দীঘলীয়া হ’লে আমাৰ বহু অসুবিধা হ’ব৷’ ঘৰলৈও যাব নোৱাৰোঁ বুলি তেওঁ দুখেৰে উল্লেখ কৰে৷ এই ভগ্নীদ্বয়ক খাদ্য সামগ্রী যোগান ধৰাৰ লগতে আর্থিকভাৱে সহযোগ আগবঢ়াবলৈ পিতৃ–মাতৃয়ে অসম চৰকাৰক আহ্বান জনাইছে৷

You might also like