এখন বিপদসংকুল দলং নিৰ্মাণৰ দাবীত ৰাজপথত নামিল স্থানীয় জনসাধাৰণ
তৈলচহৰ দুলীয়াজানৰ মাজমজিয়া নতুন ক’লনীত অৱস্থিত এখন বিপদসংকুল দলঙে জ্বলাকলা খুৱাইছে স্হানীয় ৰাইজক। দুলীয়াজানৰ মূল পথৰ সৈতে সংযোগী অইলৰ মূল নলাৰ ওপৰতে থকা এই দলংখনৰ মাজ অংশ ভাঙি যোৱাত নতুন ক’লনীৰ ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে।
স্থানীয় ৰাইজে দলং খন নিৰ্মাণৰ দাবীত অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ প্ৰতিবাদতে স্হানীয় ৰাইজৰ লগতে দুলীয়াজানৰ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সকলে আজি ৰাজপথলৈ ওলাই আহি অচিৰেই দলং নিৰ্মাণৰ দাবী তোলে।
উল্লেখযোগ্য যে উক্ত দলঙেদি বিপদ সংকুলভাৱে চাইকেল আৰু বাইক আৰোহী সকলে অহা-যোৱা কৰিছে যদিও লঘু বাহনৰ চলাচল দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অইলে ১৪ ফুটীয়া দলংখনৰ সু-ব্যৱস্হা আজিপৰ্যন্ত কৰি নিদিলে। অনতিপলমে অহা এমাহৰ ভিতৰতে ছাত্ৰ ছাত্ৰী তথা ৰোগীসকলৰ সুবিধাৰ্থে উক্ত দলংখন নিৰ্মাণ কৰি দিবলৈ অইলক দাবী জনায় ৰাইজে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান : Date of Published, 4 July, 2025