নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা জিলাত পৰিবহণ বিভাগৰ মিছন অল ক্লিয়াৰ অভিযান

বাৰ্তা ব্যুৰ, ২৬ মাৰ্চঃ টেক্সবিহীন ভাৱে ৰাজপথত যাতায়াত কৰা যান-বাহনৰ বিৰুদ্ধে গোৱালপাৰা জিলা পৰিবহন বিভাগৰ অভিযান অব্যাহত ৷ প্ৰতিদিনে জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই গৈছে ৷ জিলাখনৰ মাটিয়া আৰু কৃষ্ণাইত জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীৰ নেতৃত্বত এনফৰ্চমেন্টৰ এটি দলে মিচন অল ক্লিয়াৰ অভিযান চলাই আজি কৃষ্ণাইত দুখন ট্ৰাক আৰু মাটিয়াত কেইবাখনো টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ এএছ ০১ ডিচি ৫৫০১ আৰু এএছ ০১ ডিচি ৩৮৪১ ৷ পৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, উক্ত ট্ৰাক দুখন বিগত ২০১৭ চনৰ পৰাই চৰকাৰী টেস্ক বিহীন ভাৱে যাতায়ত কৰি আছে ৷ সেয়েহে ট্ৰাক দুখন জব্দ কৰি MVI Act অনুসৰি ট্ৰাক দুখনত ক্ৰমে প্ৰায় ৫ লাখ টকা জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিয়া বিষয়া গৰাকীয়ে ৷ ট্ৰাক দুখন পৰিবহন বিভাগে কৃষ্ণাই আৰক্ষী থানাত চমজাই দিছে ৷ পৰিবৰ্তী সময়ত যান-বাহনৰ বিৰুদ্ধে মিচন অল ক্লিয়াৰ অভিযান অব্যাহত থাকিব পৰিবহন বিভাগৰ ৷ আনহাতে মাটিয়াত কেইবাখন টেক্টৰ জব্দ কৰি জৰিমনা বিহিছে পৰিবহন বিভাগে ৷ যিসকল লোকে টেস্ক বিহীন ভাৱে যান-বাহন চলাচল কৰি আছে তেন্তে সাবধান হওঁক আৰু চৰকাৰৰ নীতি-নিয়ম অনুসৰি টেক্স দি নথিপত্ৰ বৈধ কৰি লওক অন্যথা যিকোনো সময়ত পৰিবহন বিভাগৰ মিচন অল ক্লিয়াৰ সন্মুখীন হব পাৰে ৷

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like