নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁও পৌৰসভাত ভোটাৰ তালিকাৰ বিসংগতিঃ নাহৰকটীয়াত ৬৪.৫৪ শতাংশৰ ভোটদানঃ বৰাকত  শান্তিপূৰ্ণ ভোটদান

দেৰগাঁও পৌৰসভাত ভোটাৰ তালিকাৰ বিসংগতি

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আজি অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাত দেখা গ’ল ব্যাপক বিসংগতি । ভোটাৰ তালিকাৰ পৰা বাদ পৰিল পৌৰ এলেকাৰ ভোটাৰৰ নাম আৰু সন্নিবিষ্ট হৈছে একেজন ভোটাৰৰ নাম দুই তিনিবাৰ । গোলাঘাট জিলা প্ৰশাসনৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয় শ শ লোক । গোলাঘাট পৌৰসভাৰ অন্তৰ্গত ১নং ৱাৰ্ডত ভোটাৰ তালিকাত নাম নাহিল এশ বাইশ জন লোখৰ। ১নং ৱাৰ্ডৰ মুদৈগাঁও বিদ্যালয়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাত নাম কৰ্তন কৰাক লৈ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। গোলাঘাট পৌৰসভাৰ অন্তৰ্গত ১২ টা ৱাৰ্ডত অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত ভোটাৰ তালিকাৰ বিসংগতি দেখা গ’ল । ইয়াৰোপৰি দেৰগাঁও পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত নাম নাহিল বহুজনৰ । ৱাৰ্ডসমুহত ভোটাৰ তালিকাত একেজন ব্যক্তিৰ নাম একে খন তালিকাত তিনিবাৰকৈ সন্নিবিষ্ট হোৱাৰ উপৰি ১ নং ৱাৰ্ডৰ ব্যক্তিৰ নাম অন্য ৱাৰ্ডৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত ভোটদান নকৰি ঘৰলৈ উভতি যায় বহু ভোটাৰ । বিসংগতিৰ ফলত দুয়োখন পৌৰসভা নিৰ্বাচনত ভোটদানৰ গড় যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । সেই অনুসৰি গোলাঘাট পৌৰসভাত বৰ্তমানলৈকে ১৮৬৯৭ গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোট । গড় হিচাপত গোলাঘাট পৌৰসভাত ৬০.৩৩ শতাংশ লোকেহে ভোট দান কৰে । তেনেদৰে দেৰগাঁও পৌৰসভাত ৫২.২৩ শতাংশই ভোটদান সাব্যস্ত কৰে।                       প্ৰেৰক  ভৰত দত্ত

নাহৰকটীয়াত ৬৪.৫৪ শতাংশৰ ভোটদান

নিয়মীয়া বাৰ্তাঃ আজি পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াত নাহৰকটীয়া পৌৰসভাৰ বাবে ৬৪.৫৪ শতাংশই ভোটদান প্ৰদান কৰে ৷ উল্লেখ্য যে এইবাৰ পৌৰসভাখনত পূৰ্বৰ চাৰিটা ৱাৰ্ডক দহটালৈ বৃদ্ধি কৰা হৈছে ৷ আনহাতে শাসকীয় বিজেপি দলে ইয়াৰে আঠটা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সহযোগী দল অগপক এৰি দিছে দুটা ৱাৰ্ড। বিৰোধী হিচাপে উমৈহতীয়াভাৱে যুঁজ দিছে অজাপ আৰু কংগ্ৰেছ দলে ৷ উল্লেখ্য যে পৌৰসভা এইবাৰ বিজেপিৰ হাতলৈ যোৱাটো নিশ্চিতপ্ৰায় ৷                                                               প্ৰেৰক বুলন শইকীয়া

বৰাকত  শান্তিপূৰ্ণ ভোটদান

নিয়মীয়া বাৰ্তা: বৰাক উপত্যকাৰ পৌৰসভাত দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোট শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। কাছাৰ জিলাৰ দুখন লক্ষীপুৰ আৰু সোণাই পৌৰসভাৰ ভোটদান শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। পুৱা ৮ বজাৰ পৰা সুস্থভাৱে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুঠ ১০টা ৱাৰ্ডত ২৮ প্ৰতিদ্বন্দ্বী, ১২টা প’লিং বুথ আৰু ৪৭ প’লিং পাৰ্চনেল আৰু ৰিজাৰ্ভ কৰ্মী হিচাপে নিয়োজিত কৰা হৈছিল। লক্ষীপুৰত ৬৭.৫ শতাংশ ভোট পৰিছে। সোণাই পৌৰসভাত দুপৰীয়া দুই বজালৈ ৫৫ শতাংশ ভোট পৰিছে। উল্লেখ্য কাছাৰ জিলা প্ৰশাসনে পুৰসভা নিৰ্বাচনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰে। বিশেষকৈ সোনাই পৌৰসভা এলেকা সংবেদনশীল হোৱাৰ কাৰণে নিৰাপত্তা ব্যবস্থা অধিক কঠোৰ কৰা হৈছে। হাইলাকান্দিৰ ১৬টা আসনত ৬৬.০৭ শতাংশ, লালা পৌৰসভাৰ ১০খন ৱাৰ্ডত ৭৪.৯৭ শতাংশ, ৰামকৃষ্ণ নগৰ পৌৰসভাৰ ১০ ৱাৰ্ডত ৭৫ শতাংশ ভোটদান হয় ।                                                                                প্ৰেৰক গৌতম তালুকদাৰ

You might also like