দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তৰ পুনৰ অগ্নিসংযোগ
নিয়মীয়া বাৰ্তাঃ ৮ মাৰ্চঃ মৰিয়নিৰ অসম নগালেণ্ড সীমামূৰীয়া অঞ্চল সমূহত থকা সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন অব্যাহত আছে । এইবাৰ অসমৰ ভূমি দখলৰ উদ্দেশ্যে সংৰক্ষিত বনাঞ্চলৰ ইখনৰ পিছত সিখন ঠাইত অগ্নিসংযোগ কৰিছে । কালি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ১২ নম্বৰ কম্পাৰ্টমেন্টত সন্দেহজনক নগা দুৰ্বৃত্তই অগ্নি সংযোগ কৰে । নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ নিচেই দাঁতিতে এই অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় । স্থানীয় লোকৰ মতে, কেবাদিনৰ আগতেই একাংশ নগা লোকে জানখনা জানৰ পাৰৰ উক্ত স্থানৰ হাবি জংঘল কাটি তহিলং কৰি থৈ গৈছিল । তেনেদৰে কাটি থৈ যোৱা হাবি বননিবোৰ শুকাই যোৱাত কালি অগ্নিসংযোগ কৰে বুলি সন্দেহ কৰা হৈছে । ফলত এক বিস্তৃত অঞ্চলত জুইয়ে আগুৰি ধৰে । অগ্নিসংযোগৰ ফলত সমগ্ৰ অঞ্চলটোৰ গছ গছনি জ্বলি ছাই হৈ যায় । ইফালে, কিছুদিন পূৰ্বে তাৰ কাষৰে আন এটা অঞ্চলৰো গছ গছনি কাটি থৈ গৈছিল । সেই ঠাইডোখৰতো যিকোনো মুহূৰ্ততে অগ্নিসংযোগ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে । এইদৰে জ্বলাই দিয়াৰ পিছত মুকলি হৈ পৰা ঠাইত নগালোকে খেতি বাতি কৰিবলৈ আৰম্ভ কৰে আৰু পিছত স্থায়ীভাৱে নিজৰ দখললৈ লৈ যায় উক্ত ভূমি । ইফালে, মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন উক্ত অঞ্চলত অগ্নি সংযোগৰ খৱৰ পোৱাৰ পিছতেই আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীৰ সমীপত উপস্থিত হয় যদিও ঘটনাস্থলীলৈ নগ’ল । পিছত সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিত বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা চক্ৰ পৰিদৰ্শক দণ্ডিৰাম বৰা, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁহাই আদিৰ লগতে আৰক্ষী বেটেলিয়ানৰ এটা দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষন কৰে । উল্লেখযোগ্য যে, এনে সময়ত প্ৰায়েই নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ সংৰক্ষিত বনাঞ্চলত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় । প্ৰাথমিক দৃষ্টিত এইয়া বনজুই বুলি ভৱাৰ থল আছে যদিও সেয়া প্ৰকৃততে মানৱসৃষ্ট বনজুইহে । যোৱা কেইটামান দিনৰ পূৰ্বে তাৰ পৰা কিছু আতঁৰৰ উদয়পুৰৰ সমীপতো নগা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল । নগাৰ এনে কৌশলৰ বিৰুদ্ধে অসম চৰকাৰে নিৰ্ল্লজভাৱে আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
দিব্যজ্যোতি শইকীয়া