কোকৰাঝাৰত এফালে গছ ধ্বংস : আনফালে পথৰ কাষত তামোল ৰোপণ
নিয়মীয়া বাৰ্তা, ২১মেঃ পূৰ্বে ৰোপণ কৰা গছপুলিৰ গুৰিৰ বন-বাত আঁতৰাই সাৰ-গোবৰ দিয়াৰ লগতে জহি-খহি যোৱা খাছা-জেওৰা মেৰামতি কৰি মৰহি যোৱা গছপুলিৰ ঠাইত নতুনকৈ গছপুলি ৰোপণ কৰাৰ লগতে বছৰে বছৰে আয় হোৱাৰ উদ্দেশ্যে তামোলৰ পুলি ৰোপণ কৰা হয় । গাঁৱৰে ধনঞ্জয় ৰায় আৰু জনোৰঞ্জন ৰায় নামৰ যুৱকৰ তৎপৰতাত বি টি আৰৰ সদৰ কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত জৰেগাঁও শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ মন্দিৰৰ পৰা পদ্মপাৰালৈ যোৱা পথৰ দুয়োফালে ৰোপণ কৰা হয় তামোলৰ পুলি। উল্লেখ য্যোগ্য যে যোৱা এসপ্তাহ আগতে শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ মন্দিৰ চৌহদৰ তিতাচপা, গামাৰী আদি অপুৰঠ প্ৰায় পোন্ধৰ ডাল মান গছ মাত্ৰ পোন্ধৰ হাজাৰ টকাত বিক্ৰী কৰে । সুস্থ পৰিবেশ, সৌন্দৰ্য বৰ্ধন কৰি অহা পথৰ কাষৰ গছ কেইডালৰ তলত মানুহ, গৰু, ছাগলী জিৰণি লোৱাৰ লগতে বিভিন্ন চৰাই-চিৰিকতিৰ বাসস্থান আছিল যদিও নগন্য সংখ্যক টকাৰ বিনিময়ত কোনো আগ-পাঁচ নভবা-নিচিন্তাকৈ চোৰাং কাঠ কাৰবাৰীৰ ওচৰত বিক্ৰী কৰি দিয়ে । যিসকলে গছপুলি ৰোপন, পৰিচৰ্যা কৰি ডাঙৰ-দীঘল কৰাত আগভাগ লৈ আহিছিল তেওঁলোকক অন্ধকাৰত ৰাখি বন ধ্বংস কাৰ্য্যত লিপ্ত হোৱাত তেওঁলোক হতবম্ব হৈ পৰে । ভৱিষ্যতে সাধাৰণ অজুহাতে গছ ধ্বংস নকৰিবলৈ প্ৰকৃতিপ্ৰেমী লোকে আহ্বান জনায় । অৱশ্যে কি কাৰণে অ-পূৰুঠ গছ-গছনি কাটি তহিলং কৰা হ’ল উক্ত সংক্ৰান্তত শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কিৰণ চন্দ্ৰ ৰায় আৰু সম্পাদক দীপজ্যোতি ৰায়(কিস্তূ)ই কয় যে নাচঘৰ মেৰামতিৰ বাবেটকাৰ প্ৰয়োজন হোৱাত গছ কেইডাল বিক্ৰী কৰি উক্ত টকাৰে মেৰামতিৰ আলোচনা হোৱা বুলি স্বীকাৰ কৰে যদিও কোনো সঠিক সিদ্ধান্ত হোৱা নাছিল । কিন্তু তেওঁলোককে অন্ধকাৰত ৰাখি গছ বিক্ৰী আৰু কটা কাৰ্য্য সম্পূৰ্ণ হয় । তেওঁলোকেও ঘটনাটিক আচাৰ্য্য প্ৰকাশ কৰে । সাধাৰণ অজুহাততে গছ ধ্বংসৰ সতে জড়িত লোকৰ সুমতি হওঁক । এডাল গছ ধ্বংসৰ বিনিময়ত দহডাল গছপুলি ৰোপণ কৰি তুলি-তালি ডাঙৰ-দীঘল কৰাত আগভাগ লওঁক ইয়াকে আশা প্ৰকাশ কৰে প্ৰকৃতি প্ৰেমীয়ে ।
প্ৰেৰক ভৃগুমুনি ৰায়