নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ সমাগত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি ঢকুৱাখনা সমষ্ঠিৰ  বালি দেউৰী গাঁৱত ইনুপ্ৰভা দেউৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক কুমাৰ দলে জয়ন্ত মল্লব বৰা আৰু মাজুলী সমষ্টিৰ বিধায়ক ভুবন গ্ৰামৰ৷ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ৯নং স’সদীয় মাজুলী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ইনু প্ৰভা দেউৰীৰ হৈ বালি দেউৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী আৰু বিধায়কসকলে এখন নিৰ্বাচনী সভাত বিজেপিশাসিত ৰাজ্য চৰকাৰে জনহিতাৰ্থে গ্ৰহণ কৰা অভিলাষী আচঁনি সমুহৰ বিষয়ে অৱগত কৰি বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে অসমৰ সামগ্ৰিক বিকাশ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে বিজেপিৰ সমৰ্থীত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই নিৰ্বাচনী বতাহ উত্তপ্ত কৰি তোলে ৷ বিধায়কগৰাকীৰ এই প্ৰচাৰ অভিযানত বিজেপিৰ ঢকুৱাখনা ঘিলামৰা, সোণাৰি চাপৰি কেকুঁৰি আদিৰ মণ্ডল আৰু জিলা সমিতিসমুহৰ বহু সংখ্যক নেতা  কৰ্মীৰ লগতে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰ গোহাঁই আৰু সোণাৰি চাপৰি কেকুঁৰিৰ পঞ্চায়ত প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like