নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযানৰ পাছত চলিছে অভিযান; ২০ দিন উকলিল প্রশ্নকাকত ফাদিলৰ উৎস উলিওৱাত ব্যর্থ আৰক্ষী

পোৱা নাই অভিকেন্দ্র

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰি সন্দর্ভত চি আই ডি, ক্রাইম ব্রাঞ্চ আৰু আৰক্ষীৰ অভিযানৰ পাছত অভিযান চলি আছে৷ কিন্তু যোৱা ২০ ছেপ্টেম্বৰত এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ ঘটনাই আজি ২০ দিন অতিক্রম কৰাৰ পাছতো প্রশ্নকাকত ফাদিলৰ অভিকেন্দ্র ক’ত আৰু কোনে প্রথমে প্রশ্নকাকত ফাদিল কৰিছিল, সেই তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চি আই ডি, ক্রাইম ব্রাঞ্চ আৰু আৰক্ষীয়ে৷

অভিযানৰ পাছত অভিযান চলা সত্ত্বেও প্রশ্নকাকত ফাদিলৰ অভিকেন্দ্র এতিয়াও পোহৰলৈ অহা নাই৷ এই সংক্রান্তত শনিবাৰে গুৱাহাটীত এখন সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয়– এই ২০ দিনত এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত আৰক্ষীয়ে দিনে–নিশাই কাম কৰি আছে৷ উক্ত কেলেংকাৰি সন্দর্ভত চি আই ডি, ক্রাইম ব্রাঞ্চত দুটা আৰু নলবাৰী, উত্তৰ লখিমপুৰ আৰু ডিফুত এটাকে ধৰি মুঠ ৫টা গোচৰ ৰুজু কৰা হৈছে৷ এই গোচৰত মুঠ ৪৫জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ৪৩গৰাকী মূলতঃ প্রশ্ণকাকত ফাদিল বা এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ ঘটনাত জড়িত৷ তেওঁ কয় যে কেলেংকাৰিৰ জৰিয়তে দালাল চক্রই সংগ্রহ কৰা ৫.৩০ কোটি টকা জব্দ কৰা হৈছে৷ আৰক্ষী সঞ্চালকপ্রধান মহন্তই লগতে কয়– ‘কম সময়ত আমি যথেষ্ট অগ্রগতি লাভ কৰিছোঁ৷ প্রশ্নকাকত কেনেকৈ ফাদিল হ’ল, সেই বিষয়ত তদন্ত চলি আছে৷ প্রশ্নকাকত কোনে ফাদিল কৰিলে, সেই কথা সহজতে পোৱা নাযায়৷ আৰক্ষীয়ে এটাৰ পাছত এটা যি তথ্য বিচাৰি অনুসন্ধান কৰি লাভ কৰা তথ্যৰ ভিত্তিত অনুসন্ধান কৰি আছে৷ আৰক্ষীয়ে বহু ডিজিটেল এভিডেন্সো লাভ কৰিছে৷ আমি আশা কৰিছোঁ– প্রশ্নকাকত কোনে ফাদিল কৰিছিল, সেই তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ’ম আৰু সেই তথ্য উদ্ধাৰ কৰিহে এৰিম৷’ কিন্তু প্রশ্ন হয় প্রশ্নকাকত ফাদিলৰ অভিকেন্দ্র ক’ত আৰু কোনে প্রথমে ফাদিল কৰিছিল, সেই তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব কেতিয়া? ধনৰ বিনিময়ত এছ আই পদৰ চাকৰিৰ বজাৰ পতা দিবন ডেকা, পি কে দত্ত, ৰুবুল হাজৰিকা, সৰোজ শর্মা, যুগামী ব্রহ্ম, কুমুদ কলিতা আদি গ্রেপ্তাৰ হোৱাৰ পাছতো চি আই ডি, ক্রাইম ব্রাঞ্চ আৰু আৰক্ষীয়ে প্রশ্নকাকত ফাদিল কোনে কৰিছিল, সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম নোহোৱাত স্বাভাৱিকতে এই ঘটনাত ৰাজনীতিৰ মেৰপেঁচ থাকিব পাৰে বুলি চর্চা চলিছে৷

সংবাদ মেলত চি আই ডিৰ মহাপৰিদর্শক সুৰেন্দ্র কুমাৰে কয় যে এছ আই কেলেংকাৰি সংক্রান্তত চি আই ডিয়ে ৰুজু কৰা ২১/২০২০ নম্বৰ গোচৰত মুঠ ১৬জন লোকক গ্রেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ৫জন হ’ল চাকৰি প্রার্থী৷ চি আই ডিয়ে গ্রেপ্তাৰ কৰা লোককেইজন হ’ল– হীৰকজ্যোতি বৰুৱা, ৰিতুৰাজ বৰা, ৰূপম ডেকা, জিতু মিকিৰ, আনোৱাৰ আলী, প্রিয়নাথ গগৈ ওৰফে জিণ্টু গগৈ, দিলীপ গগৈ, জয়দীপ বৰুৱা, কুশল দাস, অভিজিৎ বড়ো, মৃণাল কুমাৰ নাথ, কাকুমণি নাথ, দিবন ডেকা, প্রশান্ত কুমাৰ দত্ত, সৰোজ শর্মা আৰু ৰুবুল হাজৰিকা৷ আনহাতে, এছ আই পদৰ নিযুক্তি কেলেংকাৰি সংক্রান্তত ক্রাইম ব্রাঞ্চে ৰুজু কৰা ১৩/২০২০ নম্বৰ গোচৰত মুঠ ১১জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ধৃত লোককেইজন হ’ল– যুগামী ব্রহ্ম, কুশল দাস, প্রাঞ্জল শর্মা, প্রণৱ বৰা, অলকেশ বৈশ্য, বিমল থাপা, অশোক দাস, ধ্রুৱজ্যোতি দাস, সঞ্জীৱ শর্মা, কুমুদ গোস্বামী আৰু দিবন ডেকা৷ সেইদৰে নলবাৰী থানাত এছ আই পদৰ নিযুক্তি কেলেংকাৰি সংক্রান্তত ৰুজু কৰা ৫০৭/২০২০ নম্বৰ গোচৰত মুঠ ১৩জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ গ্রেপ্তাৰ কৰা লোকসকল হ’ল– কুলদীপ ৰাজবংশী, মৃদুল বর্মন, পার্থপ্রতিম পাঠক, সঞ্জীৱ বর্মন, হৰকান আলী, নিতুল বর্মন, ধ্রুৱজ্যোতি বৰুৱা, গুঞ্জন দাস, নৱজ্যোতি কলিতা, আদিল খান, জিতুমণি দাস, কুমুদ কলিতা আৰু জিতুল হুছেইন৷ সেইদৰে উত্তৰ লখিমপুৰ থানাত এছ আই পদৰ নিযুক্তি সন্দর্ভত ৰুজু কৰা ৮৪৫/২০২০ নম্বৰৰ গোচৰত ৫জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ধৃত লোককেইজন হ’ল– মনোজ তামুলী, জিবি শইকীয়া, অমিত শর্মা, অসীম শর্মা আৰু শিৱাজী পাংগিং৷ চি আই ডিৰ মহাপৰিদর্শক সুৰেন্দ্র কুমাৰে লগতে কয় যে উক্ত কেলেংকাৰি সন্দর্ভত ১৭৫/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে যদিও এইপর্যন্ত এজনো লোকক গ্রেপ্তাৰ কৰা হোৱা নাই৷ আনহাতে, এই কেলেংকাৰি সন্দর্ভত পি কে দত্ত মালিকানাধীন মহানগৰীৰ বেতকুছিস্থিত ভার্গৱ গ্রেণ্ড হোটেলৰ ২৯টা কোঠা ছীল কৰা হৈছে৷ পি কে দত্তৰ লখৰাস্থিত হোটেল ভার্গৱ ইনৰ দুটা কোঠা ছীল কৰা হৈছে৷ এই হোটেল দুখনত বে–আইনী কার্যকলাপ চলোৱা বাবে উক্ত কোঠা দুটা ছীল কৰা হৈছে৷ সেইদৰে চি আই ডিয়ে গ্রেপ্তাৰ কৰা দালাল সৰোজ শর্মাৰ মহানগৰীত থকা ভাৰাঘৰৰ পৰা প্রার্থীৰ এডমিট কার্ড, ৫ লাখ টকাৰ এখন চেক আৰু এখন ৰেঞ্জ ৰ’ভাৰ গাড়ী জব্দ কৰা হৈছে৷ তদুপৰি মহানগৰীৰ গীতানগৰত থকা সৰোজ শর্মাৰ এটা ব্যৱসায়িক প্রতিষ্ঠান ছীল কৰা হৈছে৷ তদুপৰি মহানগৰীৰ ধাৰাপুৰত থকা অক্ষয় টেলিকমিউনিকেচনৰ এটা কার্যালয় ছীল কৰা হৈছে৷

বিভিন্ন স্থানৰ পৰা ৮খন হার্ডডিস্ক জব্দ কৰা হৈছে৷ এই হার্ডডিস্কসমূহ পৰীক্ষা কৰি থকা হৈছে৷ এই কেলেংকাৰিৰ তদন্তৰ বাবে ৩জন ডি এছ পি, ৩জন পৰিদর্শকক দায়িত্ব দিয়া হৈছে আৰু ডিজিটেল এভিডেন্স পৰীক্ষা কৰাৰ বাবে এটা কাৰিকৰী বিশেষজ্ঞৰ দল গঠন কৰি দিয়া হৈছে৷ উক্ত কেলেংকাৰি সন্দর্ভত ১০জন ব্যক্তিৰ দণ্ডাধীশৰ উপস্থিতিত জবানবন্দী সংগ্রহ কৰা হৈছে৷ এই তদন্ত ক্ষিপ্রতৰ কৰি তুলিবৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ২০১, ২০৪ আৰু আর্মছ এক্টৰ ২৫(১)(বি) ধাৰা চি আই ডিৰ গোচৰত সংলগ্ন কৰিবলৈ আদালতক আবেদন জনোৱা হৈছে বুলিও সুৰেন্দ্র কুমাৰে কয়৷ ইফালে, সংবাদ মেলত অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে অনুসন্ধানত উক্ত কেলেংকাৰিত জড়িত থকাৰ তথ্য–প্রমাণ পালে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ প্রাক্তন অধ্যক্ষ প্রদীপ কুমাৰ, এমেইনটেকৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱা, গৌতম মেছ আদি যাৰেই নাম সাঙোৰ খাই পৰে, তেওঁলোক সকলোকে তদন্তৰ আওতালৈ অনা হ’ব বুলি কয়৷

You might also like