নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : বিহাৰ নাইবা বেংগল নহয় এইবাৰ অসমতেই আলু খেতিৰ সেউজ বিপ্লৱ।আলু খেতিৰে এতিয়া অঞ্চলটোলৈ কঢ়িয়াই আনিছে পোহৰৰ বাট। আলু খেতিৰে নীৰৱ কৃষি বিপ্লৱ গঢ়ি তুলাই নহয় আন কৃষকসকলৰ বাবেও উৎসাহ, অনুপ্ৰেৰণাৰ পথ দেখুওৱা অঞ্চলটো হৈছে ঢকুৱাখনা মহকুমাৰ সোনাৰি চাপৰি কৃষি চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কেঁকুৰি অঞ্চল। এই অঞ্চলৰ কৃষিজীৱী ৰাইজৰ আকুন্ঠ প্ৰচেষ্টাত বিঘাই বিঘাই কৰা হৈছে আলু খেতি। চেলাচাৰিকড়ীয়া,কঢ়া আৰু দাংধৰা নৈয়ে আৱৰা উৰ্বৰা ভূমিত আলু খেতিয়ে একপ্ৰকাৰ চমক সৃষ্টি কৰি আহিছে অঞ্চলটোৰ মধুপুৰ, কেঁকুৰি, চেলাজান কছাৰী, কৰৈগুৰি,ভাটি কেঁকুৰি আদিকে কৰি কেইবাখনো গাঁৱৰ কৃষকে।নিজৰ গাঁঠিৰ ধন ব্যয় কৰি বেংগলৰ পৰা অনা আলুৰ বীজেৰে বছৰ বছৰ ধৰি অঞ্চলটোৰ কৃষকে কৰি আহিছে আলু খেতি।অঞ্চলটোৰ ৮০ শতাংশ জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল।হাড়ভগা শ্ৰ্মকে উপজীব্য কৰি এইসকল কৃষকে আলু খেতিৰে এক সেউজ বিপ্লৱৰ সুচনা কৰি ঢকুৱাখনাৰ গ্ৰাম্য অৰ্থনীতিলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই অনাৰ সমান্তৰালকৈ স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে শ শ কৃষকে। অঞ্চলটোৰ কৃষকে উৎপাদন কৰা আলুৱে নিকটৱৰ্তী ধেমাজি,ডিব্ৰুগড়, যোৰহাট জিলাৰ লগতে বহি:ৰাজ্য অৰুণাচল প্ৰদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো ব্যস্ত আলু খেতিত ৷ অঞ্চলটোৰ প্ৰতিঘৰ লোকে প্ৰায় ৫ৰ পৰা ২০ বিঘা পৰ্যন্ত আলু খেতি কৰা দেখা গৈছে ।সৰ্বমুঠ প্ৰায় ৪১০ হেক্টৰ ভূমিত আলু খেতিয়ে এতিয়া অঞ্চলটোলৈ কঢ়িয়াই আনিছে পোহৰৰ বাট।বৃহত্তৰ অঞ্চলটোৰ হাজাৰৰো অধিক পৰিয়ালে একমাত্ৰ মাত্র আলু খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে।ইয়াৰে কিছু সংখ্যক কৃষকলৈ কৃষি বিভাগে আলুৰ বীজ যোগান ধৰিছে যদিও বিশাল ভূমিত কৃষকে নিজা প্ৰচেষ্টাৰেই আলু খেতি কৰিবলৈ সক্ষম হৈছে।স্থানীয় কৃষক সকলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে আলু খেতি কৰিবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন। বিশেষকৈ বীজ ৰোৱাৰ পৰা প্ৰতিটো খলিৰ আলু গছৰ প্ৰতিপালন কৰোঁতে বহু সময় দিবলগীয়া হয়। কিন্তু তেওঁলোক হাৰ মনা নাই আৰু নিৰৱচ্ছিন্নভাৱে কষ্ট কৰি গৈছে। কাৰণ শ্ৰম,ঔষধ-পাতি আদি সকলোবোৰ খা-খৰচ বাদ দিও প্ৰতি বিঘা আলু খেতিৰ পৰা ৫০পৰা ৬০ হেজাৰ টকা লাভৰ মুখ দেখিবলৈ সক্ষম হয়। যাৰ বাবে খেতি কৰা সময়ত হোৱা সকলো দুখ-কষ্টবোৰ পাহৰি পুনৰ আলু খেতিত মনপুঁতি লাগে।অৱশ্যে কেতিয়াবা কোনো কোনো প্ৰাকৃতিক কাৰণত যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয় বুলিও জানিবলৈ দিছে খেতিয়কসকলে।ইফালে কৃষিতে প্ৰকৃত ধন লুকাই থকা কথাষাৰ সাৰ্থক কৰি কৃষিকাৰ্যত নিয়োজিত হৈ স্বাৱলম্বীতাৰ পথত অগ্ৰসৰ হোৱা এইসকল কৃষকে কৃষি বিভাগৰ বিষয়া–কর্মচাৰীৰ পৰামর্শৰ অভাৱ অনুভৱ কৰি আহিছে৷ কোনোধৰণৰ চৰকাৰী সা-সুবিধাৰ অবিহনেই কঠোৰ পৰিশ্ৰমেৰে অবিৰতভাবে প্ৰচুৰ পৰিমাণে আলু উৎপাদন কৰি আহিছে যদিও উপযুক্ত বজাৰৰ অভাৱ আৰু আলু বীজ সংৰক্ষণৰ বাবে শীতল ভঁৰালৰ নথকাৰ বাবেই পানীৰ দামত উৎপাদিত আলু বিক্ৰী কৰি ব্যাপক লোকচানৰ সন্মুখীন হৈ আহিছে।কৃষকৰ এই লাভজনক খেতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ কৃষক সমাজক সুলভ মূল্যত বীজ–কীটনাশক দ্রব্য যোগান ধৰাৰ দাবী জনাইছে৷ কিন্তু চৰকাৰৰ লগতে কৃষি বিভাগৰ এইক্ষেত্রত চূডান্ত ব্যর্থতাৰ অভিযোগ উঠিছে৷ অঞ্চলটোৰ কোনো কৃষকেই বিয়াগোম কৃষি বিভাগৰ পৰা ন্যূনতম সুবিধাও নাপায় বুলি আক্ষেপ প্ৰকাশ কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা