ঢকুৱাখনা–চতিয়া–বৰছলাত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাঃ কংগ্রেছৰ মিছন কমিছন বিজেপিৰ একমাত্র মিছন উন্নয়ন
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বিধানসভা নির্বাচনৰ বাবে ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিছে আগ্রাসী প্রচাৰ অভিযান৷ আজি ঢ়কুৱাখনাৰ ৰাজহুৱা খেলপথাৰত এখন বৃহৎ নির্বাচনী সভাত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী তথা ঢ়কুৱাখনাৰ বিজেপিৰ প্রার্থী নৱ কুমাৰ দলেৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ দহ সহস্রাধিক লোকৰ উপস্থিতিত ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কংগ্রেছক তীব্র সমালোচনা কৰে৷ ভাষণ আৰম্ভ কৰাৰ পূর্বে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক স্মৰণ কৰি নাড্ডাই অসমৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰি কয়– অসম তথা দেশত বাস কৰা প্রতিজন ভাৰতীয়ৰ সন্মান ৰক্ষা কৰিবৰ বাবে নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কাম কৰি আহিছে৷ সমাজৰ সকলো শ্রেণীৰ ৰাইজৰ সম–উন্নয়ন সাধন কৰিবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ৷ ভাষণ প্রসংগত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই কংগ্রেছৰ ৬০ বছৰতকৈ সর্বানন্দ সোণোৱালৰ ৬০ মাহত অধিক কাম হৈছে বুলি মন্তব্য কৰি নাড্ডাই পুনৰ কয় যে ১৫ বছৰীয়া শাসনকালত কংগ্রেছ দলে অসমৰ সামগ্রিক উন্নয়ন সাধনত বিফল হোৱাৰ বিপৰীতে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে মাত্র পাঁচ বছৰতে অসমৰ সামগ্রিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছে ৬০ বছৰত ৫টা ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰাৰ বিপৰীতে বিজেপি চৰকাৰে মাত্র ৬০ মাহত ১৫টা ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰি বিকাশৰ ধাৰা ত্বৰান্বিত কৰি তুলিলে৷
অসমে অনুপ্রৱেশৰ সমস্যা, বিদ্রোহী সমস্যাৰ লগতে ধলা–শদিয়া, বগীবিল দলং আদি কৰি বহুকেইটা দীর্ঘস্থায়ী সমস্যাৰ ক্ষেত্রত উল্লেখনীয় সফলতা লাভ কৰিছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত৷ যাক লৈ গর্বিত নৰেন্দ্র মোদী তথা বিজেপিৰ শীর্ষ নেতৃত্ব৷ কেন্দ্রৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে অসমক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য ৰূপে গঢ়ি তোলাৰ সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়াই অহাৰ কথা দোহাৰি নাড্ডাই আগন্তুক সময়ত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’লে বিদেশীমুক্ত আৰু বানপানীমুক্ত ৰাজ্যৰ পৰিচয়েৰে অসমক বিকাশ আৰু উন্নয়নৰ ধাৰাৰে আগুৱাই লৈ যোৱাৰ প্রতিশ্রুতি দিয়ে৷ ঢ়কুৱাখনাৰ বর্তমানৰ বিধায়ক তথা বিজেপিৰ প্রক্ষেপিত প্রার্থী নৱ কুমাৰ দলেৰ প্রশংসাত পঞ্চমুখ হৈ জে পি নাড্ডাই ঢ়কুৱাখনাৰ উন্নয়নৰ বাবে নৱ কুমাৰ দলেক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ঢ়কুৱাখনা–ঘুণাসুঁতি সংযোগী পথৰ সোৱণশিৰি নৈৰ ওপৰত দলং নির্মাণৰ প্রতিশ্রুতিও প্রদান কৰে৷ বিজেপিৰ প্রার্থী নৱ কুমাৰ দলেই আদৰণী ভাষণ প্রদান কৰা সভাখনত দলটোৰ উপ–সভাপতি তথা ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো ভাষণ দিয়ে৷
কংগ্রেছৰ মিছন হ’ল কমিছন আৰু বিজেপিৰ মিছন হ’ল উন্নয়নঃ জে পি নাড্ডা
কংগ্রেছৰ বিগত ৬০ বছৰীয়া শাসনকালত উন্নয়নৰ নামত কৰা প্রতাৰণাৰ বিপৰীতে বিজেপিয়ে ৰাজ্যখনত ৬০ মাহত কৰা উন্নয়নৰ তুলনা কৰি চালেই আপোনালোকে গম পাব যে বিকাশৰ নামেই হ’ল একমাত্র বিজেপি৷ অসমৰ বিকাশৰ বাবেই বিগত সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৫৩ হাজাৰ কোটি টকা বাজেটত ধার্য কৰাৰ লগতে ৰাজ্যখনৰ ১৫শ কিলোমিটাৰ পথ উন্নয়নৰ বাবে ৩৫ হাজাৰ কোটি টকা ধার্য কৰিছে৷ এয়া একমাত্র অসমৰ প্রতি থকা প্রধানমন্ত্রী মোদীৰ মৰম, ভালপোৱা আৰু দায়বদ্ধতাৰ বাবেই সম্ভৱ হৈছে৷ –এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ৷ আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পৰিদর্শন বঙলাৰ সমীপৰ জামুগুৰি ব’হাগী মেলা বাকৰিত অনুষ্ঠিত বিজেপিৰ এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি এইদৰে কয় ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ কেইবাসহস্র লোকে অংশগ্রহণ কৰা সভাখনত ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে আৰু কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতেই অসমৰ স্বাস্থ্যখণ্ডত নতুনকৈ সংযোজন ঘটিল গুৱাহাটীৰ এইমছৰ৷ যাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ এতিয়া চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ প্রয়োজন নাথাকিব৷
ইয়াৰ উপৰি চতিয়া সমষ্টিৰ দাঁতি–কাষৰীয়া বিশ্বনাথ চাৰিআলিতো এখন মেডিকেল কলেজ স্থাপন হোৱাৰ কথা ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে ভাষণ প্রসংগত উল্লেখ কৰে৷ অসমৰ জ্বলন্ত সমস্যা বানপানীৰ পৰা অসম মুক্ত হ’ব বুলি ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে উল্লেখ কৰাৰ লগতে এই জ্বলন্ত সমস্যা সমাধানৰ বাবে অত্যাধুনিক প্রযুক্তিৰ দ্বাৰা কেন্দ্রীয় চৰকাৰে জৰীপ চলাই আছে বুলিও উল্লেখ কৰে৷ ইফালে কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে কংগ্রেছ শব্দৰ আমি বিৰোধী নহয়, কিন্তু কংগ্রেছৰ কর্মৰহে আমি বিৰোধী৷ কংগ্রেছ পুনৰ ক্ষমতালৈ আহিলে কেৱল দুর্নীতিহে কৰিব৷ যাৰ বাবে কংগ্রেছৰ মিছন হ’ল কমিছন আৰু বিজেপিৰ মিছন হ’ল উন্নয়ন৷ লগতে সভাপতিগৰাকীয়ে আজমলৰ লগত কংগ্রেছ দলে কৰা মিত্রতাই কংগ্রেছ দলটোক মৃত্যু ঘটোৱা বুলি উল্লেখ কৰি বিগত নির্বাচনত ‘হু ইজ বদৰুদ্দিন’ বুলি দম্ভালি মৰা কংগ্রেছে এইবাৰ সেইগৰাকী আজমলৰ লগত কৰা মিত্রতাই দলটোক অধিক মৃত্যুমুখলৈ লৈ গ’ল বুলিও কটাক্ষ কৰে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ চতিয়া সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী পদ্ম হাজৰিকাৰ সমর্থনত নির্বাচনী প্রচাৰ চলাবলৈ অহা ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে পদ্ম হাজৰিকা কেৱল এগৰাকী নেতাই নহয়, তেওঁ এগৰাকী নিষ্ঠাৱান সমাজসেৱক আৰু সমাজ সংস্কাৰক৷ আজিৰ এই নির্বাচনী প্রচাৰ সভাত বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীৰ লগত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিং, ৰাষ্ট্রীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ৷
কংগ্রেছে ৫টা গেৰাণ্টী দিছে, মই কিন্তু এটাই গেৰাণ্টী দিওঁ– সেয়া হৈছে কংগ্রেছৰ দুর্নীতিঃ ঢেকীয়াজুলিত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা
৭২নং বৰছলা বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰত আজি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে৷ সভাত জে পি নাড্ডাই ভাষণ প্রদান কৰি কয়– মই অসমলৈ আহিলে গুৰু মাধৱদেৱ, কবি কমলাকান্ত ভট্টাচার্যদেৱক স্মৰণ কৰোঁ৷ স্বাধীনতা সেনানী কনকলতাক সশ্রদ্ধ–প্রণাম নিবেদিছেছা বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ ভাষণ প্রসংগত তেওঁ কয় যে নির্বাচন হ’ল সঁচা–মিছা প্রমাণ কৰাৰ সময়৷ মই সকলোকে স্পষ্টভাৱে ক’ব বিচাৰোঁ যে কংগ্রেছৰ ৬০ বছৰীয়া শাসনত অসমৰ বিশেষ উন্নয়ন হোৱা নাছিল৷ কংগ্রেছৰ ৬০ বছৰৰ উন্নয়ন এফালে আৰু ৰাজ্যখনৰ সর্বানন্দ সোণোৱাল চৰকাৰৰ ৬০ মাহৰ উন্নয়ন এফালে৷ বিজেপি চৰকাৰৰ ৬০ মাহৰ উন্নয়নে অসমখনত যথেষ্ট অগ্রগতি প্রদান কৰি বিকাশৰ দিশত আগবঢ়াই নিছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ তেওঁ লগতে কয় যে অসমত বগীবিল ব্রিজ সম্পূর্ণ হ’ল, ধুবুৰী–ফুলবাৰী দলং নির্মাণৰ কাম আৰম্ভ হ’ল৷ অসমত ৬খন মেডিকেল কলেজ নির্মাণ হ’ল৷ অসমক সুৰক্ষিত আৰু শান্তিপ্রিয় কৰি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী সংকল্পবদ্ধ৷ বডোলেণ্ডৰ আন্দোলন বিগত ৪০ বছৰ ধৰি চলি আছিল৷ হাজাৰ হাজাৰ লোকৰ মৃত্যু হ’ল৷ আজি প্রধানমন্ত্রীয়ে বডোভূমিৰ অশান্তজর্জৰ সমস্যা সমাধান কৰিলে৷ আজি এক হাজাৰ কোটি টকা চাহ শ্রমিক ৰাইজৰ উন্নয়নৰ বাবে আবণ্টন দিছে এইখন চৰকাৰে৷ কংগ্রেছে ৫টা গেৰাণ্টী দিছে, মই কিন্তু এটাই গেৰাণ্টী দিওঁ, সেয়া হৈছে কংগ্রেছৰ দুর্নীতি বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ তেওঁ লগতে কয় যে আজি প্রয়াত তৰুণ গগৈৰ আত্মাই কান্দিছে, কিয়নো তৰুণ গগৈয়ে এসময়ত কৈছিল– ‘হু ইজ বদৰুদ্দিন?’ কিন্তু এতিয়া কি হৈছে৷ তৰুণ গগৈৰ পুত্রই কি কৰি আছে৷ ক্ষমতাৰ লোভৰ বাবে কংগ্রেছে নিয়ম–নীতি সকলো জলাঞ্জলি দিছে৷ ২৭ তাৰিখে ৰাইজে পদুম ফুলত ভোট দি বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷