নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখানাক জলসম্পদ বিভাগৰ আজৱ কাণ্ডঃ জিঅ’ বেগ স্থাপনৰ ৩০ মিটাৰ দূৰত্বত খনন কার্য

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ঢকুৱাখানাত জলসম্পদ বিভাগৰ আজব কাণ্ড। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনৰ আর্কেপ বালি আৰু মদাৰগুৰিৰ পুৰণি মথাউৰিৰ সমীপত
ব্রহ্মপুত্রৰ ভয়াৱহ খহনীয়া প্রতিৰোধৰ নামত জি’ বেগ স্থাপন আঁচনি তথা নৈৰ পৰা মাত্র ১৫–২০ মিটাৰ দূৰত্বত বিভাগটোৱে চলোৱা খনন কার্য প্রত্যক্ষ কৰে স্থানীয় ৰাইজে৷ নদীৰ গঢ়াত জি’ বেগ স্থাপনেৰে ঢকুৱাখানা তথা চিচি টেকেলিফুটা মথাউৰিৰ সুৰক্ষাৰ বাবে বিয়াগোম বিভাগটোৱে সমীপতে খনন চলাই সুৰক্ষা নিশ্চিত কৰিছে নে সুৰক্ষালৈ ভাবুকি আনিছে, সেই কথা ভবাই তুলিছে সচেতন ৰাইজক ৷ উল্লেখ্য যে ব্রহ্মপুত্রই যি স্থানত ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰি পৰিস্থিতি জটিল কৰি তুলিছে, সেই স্থানতে বিভাগটোৱে পুৱাৰে পৰা এক্সকেভেটৰেৰে মাটি খান্দি সেই মাটিকে জি’ বেগ সংস্থাপনত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ ইফালে, বালিভর্তি জি’ বেগ নদীৰ গৰাত স্থাপন কৰাৰ সলনি বোকামাটিকে বেগত ভৰাই আঁচনিৰ নামত কেৱল বেগসমূহ নদীৰ গঢ়াত পেলোৱাটোৱেই নিজৰ কাম সীমাবদ্ধ কৰিব বিচৰাত খর্গহস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷ জানিব পৰা মতে, জি’ বেগ স্থাপনৰ পৰা ৩০ মিটাৰ দূৰত্বৰ ভিতৰত কোনোধৰণৰ খনন কার্য বিজ্ঞানসন্মত নহয়৷ তৎসত্ত্বেও বিভাগটোৱে স্পর্শকাতৰ অঞ্চলত তথা নৈৰ পাৰত চলোৱা খনন কার্যত ক্ষুব্ধ হৈ পৰা ৰাইজে ঢকুৱাখানা জলসম্পদ বিভাগৰ বিষয়া–ভিযন্তাক ঢকুৱাখানা সুৰক্ষাৰ পৰিপন্থী কার্যত লিপ্ত নহ’বলৈ সকীয়াই দিয়ে৷

You might also like