নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখানা ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়ম

দীৰ্ঘ দিন ধৰি উপভোক্তাক শোষণ এজেন্ট উমেশ কোঁৱৰক নিলম্বন

নিয়মীয়া বাৰ্তা ২১ মেঃ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বিভিন্ন  স্থানত ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়ম সন্দৰ্ভত সঘনাই অভিযোগ উত্থাপন হৈ অহাৰ সময়তে  ঢকুৱাখনা অসামৰিক খাদ্য আৰু যোগান বিভাগে এনে অনিয়ম লিপ্ত এজন সমবায় এজেন্ট ক নিলম্বিত  কৰিছে ।ঢকুৱাখনা মহকুমা পশ্চিম মাছখোৱা সমবায় সমিতিৰ অন্তৰ্গত  মূত্তীয়া গাঁৱৰ এজেন্ট উমেশ  কোঁৱৰ বিৰূদ্ধে  গাওঁ খনৰে একাংশ  বিপিএলৰ উপভোক্তাই কেইবাটাও গুৰুত্ব অভিযোগ উত্থাপন কৰিছিল । মূত্তীয়া গাঁৱৰ এজেন্ট উমেশ কোঁৱৰ ওপৰত  ৰাষ্ট্ৰীয়  খাদ্য  সুৰক্ষা  আঁচনিৰ অধীনত বিতৰণ বিগত চাৰি বছৰে অনিয়ম আশ্ৰয় লোৱা  এজেন্ট  উমেশ কোঁৱৰ ওপৰত বহু বাৰ অভিযোগ উঠিছিল। ভুক্ত ভুগী উপভোক্তা  সকলে শেহতীয়াকৈ ১১ মেত ঢকুৱাখানা মহকুমাৰ মহকুমাধিপিতক এক লিখিত  অভিযোগ দাখিল কৰাত ক্ষীপ্ৰভাৱে বিভাগীয় তদন্ত কৰি এজেন্ট গৰাকীক সামূহিক ভাৱে নিলম্বিত কৰাৰ বুলি বিভাগীয় সূত্ৰে সাাংবাদিকক  জানিবলৈ দিছে ।
স্থানীয় ৰাইজে সাংবাদিক জানিবলৈ দিয়া অনুসৰি ৪২  গৰাকী দুখীয়া পৰিয়ালৰ মুঠ১৬১জন দৰিদ্ৰ লোকৰ বাবে অহা সূলভ মূল্য চাউল দাইল,আৰু কেৰাচিন তেল নিয়মীয়াকৈ আৰু নিয়ম অনুসৰি বিতৰণ নকৰি বিগত চাৰি বছৰে আত্মসাৎ কৰি  আহিছিল। মূত্তীয়া গাঁৱৰ এজেন্ট উমেশ কোঁৱৰ দোকানত গাওঁ খনৰ অন্তোদয়া যোজনা কাৰ্ডধাৰীৰ সংখ্যা ৮ গৰাকী আৰু অগ্ৰাধিকাৰ  ভিত্তিত ৰেচন কাৰ্ড থকাৰ দুখীয়া পৰিয়ালৰ সংখ্যা ৩৪ গৰাকী কে ধৰি মুঠ ৪২টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ নকৰি প্ৰায় ৩৫গৰাকী পৰিয়ালৰ মাজত  ৰেচন বিতৰণ কৰি আহিছিল । তাৰোপৰি প্ৰতি মাহে বিতৰণৰ  কৰিবলৈ আৱন্টন পোৱা ১২০ লিটাৰ  কেৰাচিন তেল কনো দৰিদ্ৰৰ লোকক নিদি কলা বজাৰত বিক্ৰী কৰি আহিছিল  বুলি সাংবাদিক আগত প্ৰকাশ কৰে । আনহাতে পুতলি কোঁৱৰ নামৰ এগৰাকী মহিলাক দুৰন্ধ এজেন্ট উমেশ কোঁৱৰে প্ৰায় ৬  বছৰ ধৰি প্ৰাপ্য পৰা বঞ্চিত কৰি থৈছিল। ঠিক তেনেকৈ স্বণপীঠ গগৈৰ  নামৰ  তালিকাত নাম নথকাৰ এগৰাকী মহিলাই চৰকাৰে বৰ্তমানে প্ৰদান  কৰা ক’ভিদ-১৯ সাহায সামগ্ৰীও  প্ৰদান কৰা নাছিল  । আনহাতে  বিভাগৰ তদন্তত নতুন কৈ ৰেচন কাৰ্ড বনাই দিয়াৰ নামত প্ৰতি গৰাকী দুখীয়া পৰিয়ালৰ পৰা ১২০০ টকাৰ পৰা ১৫০০ টকা পযন্ত আদায় কৰি অহাৰ  তথ্য  পোহৰলৈ আহে। এজেন্ট উমেশ কোঁৱৰ ওপৰত উত্থাপিত ইমান বোৰ অনিয়ম কৰা  প্ৰমাণ থকাৰ পিছতো  গৰাকী ব্যক্তিক নিলম্বন কৰিয়েই বিভাগীয় বিষয়াই দায়িত্ব পালন কৰাত,স্থানীয়  ৰাইজে  প্ৰতিবাদ যোগেদি এই জন এজেন্টৰ অনুজ্ঞা পত্ৰ বাতিল কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী  জনাইছে । আনহাতে ঢকুৱাখনা মহকুমাধিপতিয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাত সামৰি লোৱা সমবায সমিতিৰ অধীনস্থ সকলো সূলভ মূল্য দোকানৰ এজেন্টক দৃনীতি অনিয়ম আশ্ৰয় নলবৰ বাবে সকিয়াই দিছে। ইয়াৰ অন্যথা অনুজ্ঞা পত্ৰ বাতিলৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ।

You might also like