ঢালিগাঁৱত আবদ্ধ বিহাৰৰ অৰ্ধশতাধিক শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা বাহনৰ ব্যৱস্থা নহ’লে খোজকাঢ়ি যোৱাৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ১৫ মেঃ ক’ৰোনা ভাইৰাছৰ ফলত দেশব্যাপি চলি থকা লকডাউনত অন্যান্য ঠাইৰ দৰে চিৰাং জিলাৰ ঢালিগাঁৱতো একাংশ শ্ৰমিক দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ আছে । আজি বিহাৰৰ অৰ্ধশতাধিক শ্ৰমিক অঞ্চলটোত আবদ্ধ হৈ থকা বিষয়টো পোহৰলৈ আহে। বিহাৰৰ পাটনা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দা এই শ্ৰমিকসকল বঙাইগাঁও শোধনাগাৰৰ অধীনৰ এক নিৰ্মাণ কোম্পানীত কৰ্মৰত আছিল। লকডাউনৰ ফলত বিগত পঞ্চাশ দিনে ঢালিগাঁও- কুকুৰমাৰীত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকে স্বেচ্ছাই স্বাস্থ্য পৰীক্ষাৰ বাবে আজি কাজলগাঁওস্থিত জে এছ বি হাস্পাতাললৈ অহাৰ পিছত এই কথা পোহৰলৈ আহে। আবদ্ধ শ্ৰমিকসকলে অভিযোগ কৰামতে বিগত পঞ্চাছ দিনে কোম্পানীৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাত বহু কষ্টৰ মাজেৰে তেওঁলোকে দিন অতিবাহিত কৰি আহিছে। গৃহ ৰাজ্যলৈ উভতি যোৱাৰ বাবে প্ৰাথমিক প্ৰস্তুতি চলাইছে যদিও আজিকোপতি উভতি যোৱাৰ ব্যৱস্থা হোৱা নাই বুলিও জনাইছে। আৰ্থিকভাবে অতিকৈ জুৰুলা হোৱা শ্ৰমিকসকল পাটনালৈ গাড়ী ভাড়া কৰি যোৱাতো অসমৰ্থ বুলি প্ৰকাশ কৰে। এই সম্পৰ্কে শ্ৰমিকসকলে ঢালিগাঁও থানাত যোগাযোগ কৰাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি খবৰ কৰিবলৈ পৰামৰ্শ দিয়ে বুলি সংবাদ মাধ্যমক জনায়। পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈ অভাব অনাটনৰ মাজত দিন অতিবাহিত কৰা শ্ৰমিকসকলে অহা দুদিনৰ ভিতৰত উভতি যোৱাৰ ব্যৱস্থা নহ’লে খোজকাঢ়িয়ে গৃহাভিমুখী যাত্ৰা আৰম্ভ কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।