নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ দিনৰ ব্যৱধানত একেজন অবৈধ ব্যৱসায়ীৰ চৌহদত ৩ লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ৩ আগষ্ট: ৩০ দিনৰ ব্যৱধানত একেজন অবৈধ কাঠ ব্যৱসায়ীৰ চৌহদৰ পৰা চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষীয়ে প্ৰায় তিনি লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিছে। ঢালিগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই  থানা খনৰ অন্তৰ্গত পশ্চিম বিলাসপুৰৰ ৰেজ্জাক আলী আকন্দ নামৰ অবৈধ তথা চোৰাং কাঠ ব্যৱসায়ী জনৰ ঘৰৰ চৌহদত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ মিলত কটা চোৰাং কাঠ জব্দ কৰে। জব্দ কৰা কাঠ খিনি আৰক্ষীয়ে তিনিখন গাড়ীৰ সহায়ত ৰেজ্জাক আলী আকন্দ ঘৰৰ পৰা থানালৈ নিয়ে। ঢালিগাঁও থানাত ১৭৫/২০২০ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৭৯ তথা R/W section 40/41Assam Forest Regulation Act.ত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । কালি জব্দ কৰা কাঠ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে ৬ জুলাইৰ নিশা এইজন ৰেজ্জাক আলী আকন্দ ঘৰৰ পিছফালে লুকুৱাই ৰখা ৬৭ টুকুৰা (৩ লাখ টকা মূল্যৰ) বৃহৎ আকাৰৰ মিলত কটা কাঠ ঢালিগাঁও আৰক্ষীয়ে জব্দ কৰিছিল । অভিযানৰ পূৰ্বে পলায়ণ কৰিবলৈ সক্ষম হোৱা এইজন অবৈধ তথা চোৰাং কাঠ ব্যৱসায়ীৰ ঘৰৰ চৌহদৰ পৰা কালি নিশা দ্বিতীয়বাৰ আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাত প্ৰকৃতি প্ৰেমী সকলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

You might also like