ধনতেৰাছত সোণ–ৰূপ বিক্রীৰ অভিলেখ: গুৱাহাটীত কোটিৰ ঘৰত গহনা বিক্রী
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: পৰম্পৰা ৰক্ষা কৰি দীপাৱলীৰ প্রাক্ক্ষণত কালিৰ পৰা আৰম্ভ হৈছে ধনতেৰাছ৷ লক্ষ্মীৰ আশিস বিচাৰি তথা অশুভ শক্তিৰ পৰা নিজৰ পৰিয়াল বচাই ৰখাৰ বাবে ধনতেৰাছত সোণ–ৰূপ অথবা ধাতুৰ গহনা, সা–সামগ্রী ক্রয় কৰাটো অতীজৰে পৰা চলি অহা এটা পৰম্পৰা৷ এই পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ গহনা বিপণীসমূহত দুদিনত অভিলেখসংখ্যক সোণ–ৰূপ বিক্রী হয়৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুবছৰ ধৰি উৎসৱ–পার্বণ উদযাপন কৰাৰ পৰা বিৰত থকা ৰাজ্যবাসী ধনতেৰাছৰ সময়ত ওলাই আহি আ–লংকাৰৰ লগতে বাচন–বর্তন আদি ক্রয় কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ আন প্রান্তৰ লগত গুৱাহাটী মহানগৰীৰ আগশাৰীৰ গহনা বিপণীসমূহত দুটা দিনত কোটিৰ ঘৰত সোণ–ৰূপ, হীৰা আদিৰ আ–লংকাৰ বিক্রী হয়৷ মহানগৰীখনৰ এল গোপাল জুৱেলার্ছ, মাণিক চান্দ জুৱেলার্ছ, এম পি জুৱেলার্ছ, ৰিলায়েঞ্চ জুৱেলার্ছ, তানিস্ক আদিৰ দৰে আগশাৰীৰ বিপণীসমূহত কোটিৰ ঘৰত সোণ–ৰূপৰ অলংকাৰ বিক্রী হয়৷ শনিবাৰে সন্ধিয়া ধনতেৰাছৰ শুভমুহূর্ত আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিপণীসমূহত গ্রাহকৰ ভিৰ পৰিলক্ষিত হয়৷ দেওবাৰে নিশা পর্যন্ত এই বিপণীসমূহত যথেষ্টসংখ্যক গ্রাহকে ভিৰ কৰে৷ আটাইকেইখন বিপণীতে আশাব্যঞ্জকভাৱে বিগত দুবছৰৰ তুলনাত গহনাৰ বিক্রীৰ হাৰ বহু শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷
কেৱল সোণ–ৰূপৰ আ–লংকাৰে নহয়, কাঁহ–পিতলৰ বিভিন্ন বাচন–বর্তনৰ বিপণীসমূহতো ক্রেতাৰ ভিৰ পৰিলক্ষিত হয়৷ বাচন–বর্তনৰ লগতে লোৰে নির্মাণ কৰা সৰু সৰু সামগ্রী ক্রয় কৰি ৰাজ্যবাসীয়ে লক্ষ্মীৰ আগমনৰ বাবে প্রার্থনা কৰে৷ ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীত অত্যধিক হাৰত ঝাড়ুৰ বিক্রীও পৰিলক্ষিত হৈছে৷ প্রবাদ অনুসৰি ধনতেৰাছৰ সময়ত ঝাড়ু ক্রয় কৰিলে লক্ষ্মী দেৱী সুপ্রসন্ন হয়৷ এই বিশ্বাস অনুসৰিয়েই মহানগৰীৰ অধিকাংশ লোকে দুয়োটা দিনত ঝাড়ু ক্রয় কৰা দেখা যায়৷
প্রাপ্ত তথ্য অনুসৰি এই দুয়োটা দিনত বিক্রীৰ বাবে একো একোটা উদ্যোগে ৫০ হাজাৰ পর্যন্ত ঝাড়ু বজাৰলৈ উলিয়াই দিছে৷ হঠাৎ ধনতেৰাছৰ সময়ত বৃদ্ধি পোৱা চাহিদাৰ বাবে ঝাড়ুৰ দাম বৃদ্ধি হোৱা বুলিও একাংশ গ্রাহকে প্রকাশ কৰিছে৷ উল্লেখ্য যে চলিত বর্ষৰ ধনতেৰাছৰ লগ্ণ কালি সন্ধিয়া ৬.০২ বাজিৰ পৰা আৰম্ভ হৈ আজি সন্ধিয়া ৬.০৩ বজাত অন্ত পৰে৷ যাৰ বাবে দুদিনীয়াকৈ সা–সামগ্রী বিক্রীৰ সুযোগ ব্যৱসায়ীসকলে লাভ কৰিছে৷ অসমীয়া সংস্কৃতিত পূর্বে ধনতেৰাছক লৈ বিশেষ কোনো উৎসাহ ৰাইজৰ মাজত পৰিলক্ষিত হোৱা নাছিল যদিও শেহতীয়াকৈ এই উৎসৱৰ সময়ত সোণ, ৰূপকে ধৰি বিভিন্ন ধাতৱ পদার্থ ক্রয় কৰাৰ এটা পৰম্পৰা আৰম্ভ হৈছে৷ হিন্দী বলয়ৰ ৰাজ্যসমূহত ধনতেৰাছৰ প্রভাৱ সবাতোকৈ বেছি যদিও ৰাজ্যতো ক্রমান্বয়ে এই উৎসৱ পালন কৰাৰ প্রৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
ইপিনে ধনতেৰাছৰ সমান্তৰালকৈ ৰাজ্যত দীপাৱলীক লৈ ব্যাপক উৎসাহ–উদ্দীপন্ন দেখা গৈছে৷ আজি ৰাজ্যজুৰি কালী পূজা আৰু মঙলবাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ’ব৷ সমাজৰ অশুভ শক্তি নাশ কৰি শান্তি–সম্প্রতিৰ কামনাৰে পালন কৰা হ’ব কালী পূজা৷ এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তত কালী পূজা আয়োজন কৰা হৈছে৷ইয়াৰ লগে লগে ৰাজ্যত দীপাৱলী উদযাপনৰ বাবে ৰাজ্যবাসী সাজু হৈছে৷ বজাৰত উপলব্ধ হৈছে মাটিৰ চাকি, আতচবাজী, ফটকা, ৰঙীন লাইট আদি৷ মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰি, মালিগাঁও আদি বিভিন্ন স্থানত মৃৎ শিল্পীসকলে বিভিন্ন আকাৰৰ চাকিৰ লগতে ৰঙীন চাকি বিক্রীৰ ব্যৱস্থা কৰিছে৷ সমান্তৰালভাৱে বহিঃৰাজ্যৰ পৰা আমদানি কৰা আতচবাজী, ফটকা, পোহৰৰ সামগ্রীৰ লগতে স্থানীয়ভাৱে উৎপাদন কৰা আতচবাজীৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ৷ একেদৰে ৰং–বিৰঙৰ বৈদ্যুতিক লাইট ক্রয় কৰিবলৈ গ্রাহকৰ ভিৰ দেখা গৈছে৷ ৭০ টকাৰ পৰা আৰম্ভ কৰি হাজাৰ টকা পর্যন্ত মূল্যত এই লাইটসমূহ বিক্রী কৰা হৈছে৷
একেদৰে অন্ধ্রপ্রদেশ, তামিলনাডু, তেলেংগানা, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা আমদানি কৰা ফটকা, আতচবাজী বজাৰত উপলব্ধ হৈছে৷ ক’ভিডৰ পাছত কোনো বাধা–নিষেধ নোহোৱাকৈ দীপাৱলী উদযাপন কৰাৰ সময়তে এইবাৰ ফটকা–আটচবাজী, ভিন্ন প্রকাৰৰ চাকিৰ মূল্য ৩০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷ আলোকসজ্জা, প্লাষ্টিকৰ মালা আদিৰ দাম পূর্বৰ বছৰসমূহৰ তুলনাত বৃদ্ধি পাইছে বুলি ব্যৱসায়ীসকলে সদৰী কৰিছে৷ বহিঃৰাজ্যৰ আতচবাজীৰ লগতে বজাৰত বৰপেটাত প্রস্তুত কৰা আতচবাজীৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে৷