জি ডি ধনুকালৈ ‘ভিজনেৰী লীডাৰ ইন আছাম এণ্ড নর্থ–ইষ্ট’ বঁটা
নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ দেশৰ আগশাৰীৰ টাইমছ গ্রুপে অসম তথা উত্তৰ–পূবৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰে টাইমছ ষ্টীলাৰ ব্রেণ্ড এণ্ড আইকন এৱার্ড৷ গুৱাহাটীৰ যুৱ ব্যৱসায়ী ঘনশ্যাম দাস ধনুকাই ‘ভিজনেৰী লীডাৰ ইন আছাম এণ্ড নর্থ–ইষ্ট এৱার্ড ২০২০’ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে৷ গুৱাহাটীত জন্মগ্রহণ কৰি আশৈশৱ মনীষাৰে জিলিকি উঠা, বিশ্বজনীন চিন্তাৰে, স্থানীয় উৎকর্ষ–উন্নয়নৰ লক্ষ্যৰে ওৰেটো জীৱন আত্মোৎসর্গা মনোভাবেৰে কাম কৰি থকা এগৰাকী স্বপ্ণদ্রষ্টা ঘনশ্যাম দাস ধনুকা৷
উল্লেখ্য যে যুৱ ব্যৱসায়ী ধনুকাই আমেৰিকাৰ এলএছই আৰু এলইউএমএছ শিক্ষা প্রতিষ্ঠানত শিক্ষাগ্রহণ কৰিছে৷ একেদৰে তেওঁ বিভিন্ন এইচ বি এছ আৰু আই আই এমৰ সৈতে নেতৃত্বৰ কার্যসূচীত অংশ লোৱাৰ লগতে এল এল বি ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতবর্ষ সামাজিক আৰু অর্থনৈতিক দিশত আত্মনির্ভৰশীল হোৱাৰ লগতে বিশ্বস্তৰত চিন্তা কৰা আৰু স্থানীয় পর্যায়ত কাম কৰাই জি ডি ধনুকাৰ লক্ষ্য আৰু উদ্দেশ্য৷ ‘থিংক গ্ল’বেল এক্ট, ল’কেল আইডি’লজী’ ধাৰণা লৈ ধনুকাই আগবাঢ়ি গৈছে৷ তেওঁৰ পিতৃৰ সপোন পূৰণৰ বাবে সকলো কৰি গৈছে৷ পিতৃ অশোক কুমাৰ ধনুকা ফার্মাচিউটিকেল এণ্ড কছমেটিক (জিআৰডি ফার্মাচিউটিকেল), হস্পিটেলিটী, সেউজ শক্তি, ৰিয়েল ইষ্টেট আৰু খাদ্য উদ্যোগৰ সৈতেও জড়িত৷ মাৰোৱাৰী হাস্পতালত দানবীৰ সদস্য হিচাপে পৰিচিত হোৱাৰ লগতে গুৱাহাটীৰ গো–শালাৰ সৈতে ওতপ্রোতভাৱে জড়িত৷
একেদৰে শিক্ষাৰ পৰা বঞ্চিতসকলৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ লগতে যুৱতী তথা মহিলাসকলক স্বাৱলম্বিতাৰ বাট দেখুওৱাৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই আহিছে৷ ঘনশ্যাম ধনুকাও সেই প্রতিষ্ঠানৰ প্রতিষ্ঠাপক সদস্য৷ এডভাণ্টেজ অসম, গ্ল’বেল উদ্যোগী সন্মিলনত ধনুকাই ফার্মাচিউটিকেল আৰু মেডিকেল ডিভাইচ ফ’ৰামৰ ওপৰত বত্তৃণতা দিয়াৰ বাবে আমন্ত্রণ লাভ কৰিছিল৷ অসম তথা উত্তৰ–পূবৰ বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত যুৱ ব্যৱসায়ী ধনুকাক টাইমছ গ্রুপে নর্থ–ইষ্ট ভিজনেৰী লীডাৰ বঁটা প্রদান কৰাৰ বিষয়ে যুৱচামক ঔদ্যোগিকীকৰণৰ ক্ষেত্রখনত প্রেৰণা যোগাব বুলি আশা প্রকাশ কৰে৷