নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ জম্মু-কাশ্মীৰত শ্বহীদ হোৱা অসম সন্তান মৃত্যুঞ্জয় চুতীয়াৰ মৃতদেহ আজি স্ব-গৃহ আহি পোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। দেশমাতৃৰ সুৰক্ষাৰ হকে ওলাই গৈ তেওঁ শ্বহীদ হ’ল মৃত্যুঞ্জয়। সৰুৰে পৰা নিজৰ বাবে দেশৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা যুৱকজনে যোগ দিছিল কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীত।
সপোন এৰি দেশৰ বাবে ওলাই যোৱা মৃত্যুঞ্জয় আজি শ্বহীদ হ’ল ৷ যোৱা বুধবাৰে কর্তব্যৰত অৱস্থাত জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে মৃত্যু হয় চি আৰ পি এফৰ ১১৫ বেটেলিয়নত কর্মৰত ধেমাজিৰ চিচিবৰগাঁওস্থিত গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়াৰ। অতি অমায়িক মৃত্যুঞ্জয়ৰ মৃত্যুৰ শোকত ম্রিয়মাণ হৈ পৰিছে ধেমাজিবাসী। মাত্ৰ ২৪ বছৰ বয়সতেই দেশমাতৃৰ বাবে প্ৰাণ উৰ্ছগা কৰা মৃত্যুঞ্জয়ৰ মৃত্যুত ঘৰখন এতিয়া বাকৰুদ্ধ হৈ পৰিছে ৷
আজি পুৱা ৯.৩০ বজাত ডিব্রুগডৰ মোহনবাৰীৰ বিমানবন্দৰ আজি পোৱাৰ পাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ১০৭নং বেটেলিয়ন বাহিনীয়ে। ইয়াৰ পাছতে জোৱানজনৰ নশ্বৰদেহ লৈ যোৱা হয় বাসগৃহলৈ ইয়াতেই CRPFৰ ডি আই জি, আই জি, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদি বিভাগীয় বিষয়া–কর্মচাৰীয়ে শ্রদ্ধাঞ্জলি জনায়। এক শোকাকুল পৰিবেশৰ মাজত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।