কাল ধুমুহাই কাঢ়িলে ঢকুৱাখনাৰ মুগা পালকৰ হাঁহি
নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি বলবৎ হৈ আছে লকডাউন। যাৰ বাবে দেশৰ অর্থনীতিত বৃহৎ ক্ষতি হোৱাৰ সময়তে ভূতৰ ওপৰত দানহ পৰা দি এইবাৰ কালধুমুহাই থানবান কৰিলে অসমৰ অন্যতম লাভজনক মুগা খেতি৷ বুধবাৰে বিয়লি অহা এজাক প্রচণ্ড ধুমুহাই নিমিষতে নিঃশেষ কৰি পেলালে বৰ মুগা পালনৰ বাবে বিখ্যাত ঢকুৱাখনাৰ শ শ মুগা পালকৰ সপোন, কাঢ়ি লৈ গ’ল কৃষকৰ মুখৰ হাঁহি৷ লকডাউনৰ সকলো নীতি–নিয়ম মানি বছৰটোৰ বাবে কিবা এটা উপার্জন কৰাৰ বাবে হাতে হাতে ধনু–গুটি লৈ অন্তহীন ব্যস্ততাৰে চোমনিত সময় কটোৱা ঢকুৱাখনাৰ মুগা পালকে এতিয়া চকুলো টুকিছে৷ উল্লেখ্য যে ঢকুৱাখনাৰ জলবায়ু ৰেচম শিল্পীৰ উপযোগী হোৱাৰ বাবেই এৰী, পাট আৰু মুগা উৎপাদনত ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাই উল্লেখযোগ্য স্থান দখল কৰি আহিছে৷ পৰিসংখ্যা অনুসৰি ব্যক্তিগতভাৱে ৫ হাজাৰৰো অধিক বিঘা ভূমিত চোম, সোৱালো আদি মুগাৰ খাদ্য গছ ৰোপণ কৰি ঢকুৱাখনাৰ প্রায় ১০ হাজাৰ পৰিয়াল মুগা পালনত জড়িত হৈ আছে৷ এই কৃষকসকলে মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে টনকিয়াল কৰিছে ঢকুৱাখনাৰ গ্রাম্য অর্থনীতিৰ ভেটি৷ কিন্তু চিন্তনীয় বিষয়টো হ’ল শেহতীয়াকৈ গঢ়ি উঠা ক্ষুদ্র চাহ বাগানত কীটনাশক, অপ তৃণনাশক ঔষধ প্রয়োগ আৰু জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা বতৰৰ প্রতিকূলতাই ঢকুৱাখনাৰ মুগা পালকলৈ আনিছে অশনি সংকেত৷ এনে কেতবোৰ কাৰণতে ঢকুৱাখনাত কিছু বছৰ ধৰি অভাৱনীয় হাৰত হ্রাস পাইছে মুগা উৎপাদন৷ মুগা খেতি কৰিলেই যেন এতিয়া ‘কপাল বেয়া’ হয় ঢকুৱাখনা কৃষকৰ৷ বছৰৰ ১২ মাহেই মুগা পালনত জড়িত হৈও সুফল পোৱা নাই ঢকুৱাখনাৰ কৃষকে৷ব’হাগ অহাৰ লগে লগেই বাণিজ্যিকীকৰণৰ বাবে জেঠুৱা মুগা পালনত জড়িত হৈ পৰে ঢকুৱাখনাৰ কৃষক৷ এইবাৰো জেঠুৱা মুগা পালনত ঢকুৱাখনাৰ প্রতিখন গাঁৱৰ গড়ে ২০টাকৈ পৰিয়াল জড়িত। বিগত বছৰসমূহৰ তুলনাত এইবাৰ মুগাৰ উৎপাদন বহু পৰিমাণে বৃদ্ধিৰ সম্ভাৱনা আছিল যদিও এই আশাত চেঁচা পানী ঢ়ালিলে বুধবাৰে হঠাৎ অহা এজাক প্রচণ্ড ধুমুহাই৷ নিমিষতে চূৰমাৰ কৰি থৈ গ’ল কৃষকৰ তিনি মহীয়া আশাৰ সপোন৷ বিশেষকৈ ঘিলামৰা, ধেনুখনা–বাটমাৰী, গান্ধীয়া আদি পঞ্চায়তত কালধুমুহাই মুগা পালকৰ মুগা চোমনিৰ সকলো মুগা নষ্ট কৰি প্রায় দুই শতাধিক মুগা পালকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে৷ধুমুহাত চেদেলি–ভেদেলি হৈ পৰিল নতুনকৈ গছত লগোৱা আৰু পূৰঠ লাখ লাখ মুগা পলু৷ অধিকাংশ চোমনিৰ চোম, সোৱালো গছৰ ডালসমূহ ধুমুহাই ভাঙি পেলোৱাত উকা হৈ পৰিছে চোমনিসমূহ৷বহু জটিলতা আৰু বৃহৎ প্রত্যাহ্বানৰ মাজেৰে মুগা পালনত জড়িত হৈ ঢকুৱাখনাৰ লগতে সমগ্র অসমক সোণালী সূতাৰে জিলিকাই ৰখা এইসকল মুগা পালকৰ মূৰত সৰগ ভাগি পৰিছে৷ আনহাতে মুগা পালকসকলক চৰকাৰে আর্থিক সাহায্য আগনবঢ়ালে তেওঁলোকৰ জীৱন–জীৱিকালৈ অমানিশা নামি আহিব বুলি আশংকা প্রকাশ কৰিছে ৰাইজে৷