নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিকূল বতৰকো নেওচি ধুবুৰীৰ বহাগী উৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২০ মেঃ যোৱানিশা ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বহাগী উৎসৱ উপলক্ষে আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান জীপাল কৰি তোলে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুৱলী বৰুৱাই। তেখেতৰ উপৰিও পশ্চিমবংগৰ পৰা অহা এটি সাংস্কৃতিক গোষ্ঠীও উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। উল্লেখ্য যে, উল্লেখ্য যে, প্ৰতিকূল বতৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, ধুবুৰীৰ সৌজন্যত যোৱা ১৮ আৰু ১৯ মে’ৰ দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ‘‘বহাগী উৎসৱ ২০২২’ৰ যোৱাকালিৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী প্ৰতিকূল বতৰৰ বাবে চহৰখনৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰিৱৰ্তে স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। স্মৰ্তৱ্য যে, যোৱাকালি ধুবুৰীলৈ অহা অসম সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীয়ে সেই বহাগী উৎসৱৰ স্মৃতিগ্ৰন্থ ‘গগণা’’ৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like